অতি সোনকালেই ২৫ জনীয়া তালিকাভুক্ত বলিউদৰ চেলিব্ৰেটিলৈ চামন জাৰি কৰিব এনচিবিয়ে

nationalherald 2020 06 5a9db24a 2714 477c be52 a004ed7586e0 sushant

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ স’তে জড়িত থকা ড্ৰাগছৰ বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে এনচিবিয়ে ৰিয়া চক্ৰৱৰ্তীৰ লগতে ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তী আৰু ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আন কে’বাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতে এনচিবিয়ে চহৰৰ ড্ৰাগছ মাফিয়াৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ।

এই সন্দৰ্ভত অভিযুক্ত কেইজনে বহু কেইজন বলিউদ চেলিব্ৰেটিৰ নাম উল্লেখ কৰিছে আৰু অতি সোনকালেই তেওঁলোকক চামন জাৰি কৰিব এনচিবিয়ে। প্ৰায় ২৫ গৰাকী বলিউদ চেলিব্ৰেটিৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে ।

ইয়াৰ ভিতৰত আছে অভিনেতা, পৰিচালক, কাষ্টিং ডাইৰেক্টৰ আৰু প্ৰডাকচন হাউচ আৰু অন্যান্য কিছু লোক । এইসকল লোক ড্ৰাগছ ক্ৰয়ৰ লগতে সেৱন কৰা আৰু সৰবৰাহ কৰাত জড়িত আছে বুলি সূত্ৰত প্ৰকাশ।

সমীক্ষাত বহু হাই প্ৰফাইল লোকৰ নাম পোৱা গৈছে আৰু সেয়ে এনচিবিয়ে বহু সাৱধানতাৰে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আনহাতে, দিল্লীত কেপিএছ মালহোত্ৰা আৰু এনচিবিৰ প্ৰধান ডিজি আস্থানাৰ অধ্যক্ষতাত এক বৈঠক অনুষ্ঠিত হয় ।

আগন্তুক দিনত তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবঢ়াই নিব পাৰি এই সম্পৰ্কত গুৰুত্ব দিয়া হৈছে বৈঠকখনত। অন্যহাতে, টকাৰ লেনদেনৰ সন্দৰ্ভত ইডিয়েও তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version