অযোধ্যাৰ ৰাম মন্দিৰ ন্যাসৰ চেক নকল কৰি ছয় লাখ সৰকালে প্ৰৱঞ্চকে

Screenshot 88

অৱশেষত ঈশ্বৰৰ ঘৰলৈকো হাত সম্প্ৰসাৰিত কৰিলে প্ৰৱঞ্চক চক্ৰই । ঘটনাৰ কেন্দ্ৰ হৈছে অযোধ্যাৰ ৰামমন্দিৰ । ঘটনা সন্দৰ্ভত অযোধ্যা আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি পহিলা আৰু তিনি ছেপ্টেম্বৰত ৰাম মন্দিৰ ন্যাসৰ বেংক একাউন্টৰ পৰা ছয় লাখ টকা সৰকাই নিয়া হয় ।

পাঞ্জাৱ নেচনেল বেংকৰ উক্ত একাউন্টৰ পৰা ক্ৰমে আঢ়ৈ লাখ আৰু চাৰে তিনি লাখ টকা নকল চেকযোগে সৰকাই নিয়াৰ পাছত কালি পুনৰ একে প্ৰচেষ্টা চলায় প্ৰৱঞ্চক চক্ৰই । আন এখন নকল চেকযোগে ন লাখ ৮০ হেজাৰ টকা সৰকাই নিয়াৰ চেষ্টা চলিছিল; কিন্তু চেকখনক লৈ সন্দেহ ওপজাত বেংকৰ তৰফৰ পৰা ন্যাস কৰ্তৃপক্ষৰে ফোনযোগে যোগাযোগ কৰা হয় । লগে লগে থানাত অভিযোগ দিয়ে ন্যাসে ।

অযোধ্যাৰ আৰক্ষী মহাপৰিদর্শক দীপক কুমাৰে ঘটনা সন্দৰ্ভত কয় যে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ বেংক একাউণ্টৰ পৰা প্ৰৱঞ্চনাৰে টকা সৰকাই নিয়া হৈছে । অচিন প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ন্যাসৰ সচিব চম্পত ৰাইয়ে ।

চেক চিনাক্তকৰণৰ বাবে সচিব ৰাইৰ লগত যোগাযোগ কৰাত স্পষ্ট হৈ পৰে যে বেংকত দিয়া চেকখনৰ প্ৰকৃত নম্বৰৰ চেকখন বৰ্তমানো ন্যাসৰ জিম্মাতে আছে । বেংকত দিয়া চেকখন যে নকল সেই কথাও ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰে । বেংকৰ কোনো কৰ্মচাৰী এই প্ৰবঞ্চনাৰে জড়িত হৈ থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ঘটনাৰে জড়িত চক্ৰটোক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী তৎপৰ হৈছে।

Exit mobile version