ধেমাজি জিলাত কৰ’না আক্ৰান্তৰ সংখ্যা ২,৬৩৮ জনলৈ বৃদ্ধি : ১৪ জনৰ মৃত্যু

123597 coronavirus 2

ধেমাজি জিলাত ব্যাপক হাৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ হৈছে । এই পর্যন্ত জিলাখনত ২,৬৩৮ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । আজিৰ দিনটোতে ধেমাজি জিলাত ৪১৩ জন লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে । ইয়াৰে ১,৭০৮ জন লোক সুস্থ হৈ উঠাত তেওঁলোকক নিজ নিজ ঘৰলৈ যাবলৈ দিয়া হৈছে । বৰ্তমানেও জিলাখনৰ ক’ভিড-১৯ চিকিৎসালয় সমূহত ৯৩০ জন ৰোগী চিকিৎসাধীন হৈ আছে ।

বৰ্তমান জিলাখনত আইচিইউৰ অভাৱে দেখা দিছে । যাৰ কাৰণে ক’ভিড-১৯ত আক্ৰান্ত সংকটজনক ৰোগীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হৈছে । জিলাখনত বৰ্তমানলৈকে ক’ভিড-১৯ত আক্ৰান্ত হৈ ১৪ জন লোকৰ মৃত্যু হৈছে।

জিলা স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে বৰ্তমানলৈকে জিলাখনত ৪৭,৯২৭ জন লোকৰ কৰ’না পৰীক্ষা সম্পন্ন কৰা হৈছে । সেয়ে জিলা প্ৰশাসনে সকলো লোকক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহবান জনাইছে।

Exit mobile version