ভাৰতত প্ৰায় ৬৪ লাখ লোক কৰ’নাত আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছিল মে’ৰ আৰম্ভণিতে

Coronavirus 1

ভাৰতত মে’ৰ আৰম্ভণিতে ক’ভিড-১৯ ত প্ৰায় ৬৪ লাখৰ অধিক সংক্ৰমিত হ’ব বুলি অনুমান কৰা হৈছিল বুলি আই চি এম আৰৰ দ্বাৰা পৰিচালিত দেশৰ প্ৰথম National serosuveytত প্ৰকাশ কৰিছিল । সমীক্ষাত কোৱা হৈছে যে, ০.৭৩%বা ৬৪,৬৮,৩৮৮ জন প্ৰাপ্তবয়স্ক লোক SARS-Cov-2 ভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল । SARS-Cov-2 , যিটো কৰ’না ভাইৰাছৰ বাবে হয় ।

১১ মে’ৰ পৰা ৪ জুন পৰ্যন্ত চলা National serosurvey ত প্ৰায় ২৮ হেজাৰ লোকক অন্তৰ্ভুক্ত কৰা হৈছিল । তেওঁলোকৰ তেজৰ নমুনা IgG এন্টিবডীৰ বাবে Covid Kavach ELISA kit ব্যৱহাৰ কৰি পৰীক্ষা কৰা হৈছিল। আনহাতে, seropositivity সকলোতকৈ বেছি ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকৰ মাজত ৪৩.৩%, ৪৬ৰ পৰা ৬০ বছৰ বয়সৰ লোকৰ মাজত ৩৯.৫% আৰু ৬০বছৰৰ ঊৰ্দ্ধৰ লোকৰ মাজত সকলোতকৈ কম ১৭.২% পোৱা গৈছিল ।

এই সমীক্ষাত ৭০ খন জিলাৰ ৭০০ টা সমূহৰ ৩০,২৮৩ টা পৰিয়ালক অন্তৰ্ভুক্ত কৰা হৈছিল। ২৫ এপ্ৰিল পৰ্যন্ত ক’ভিড-১৯ আক্ৰান্ত হোৱা সংখ্যাৰ ভিত্তিত জিলাসমূহৰ ভিতৰত শূণ্য আক্ৰান্ত জিলা আছিল ১৫ খন , নিম্ন হাৰত আক্ৰান্ত ২২ খন জিলা, মধ্যমীয়া হাৰত আক্ৰান্ত ১৬ খন আৰু উচ্চ হাৰত আক্ৰান্ত জিলা আছিল ১৭ খন । আমেৰিকাৰ পাছতে বিশ্বৰ দ্বিতীয় আক্ৰান্ত দেশ হৈছে ভাৰত। এই পর্যন্ত ভাৰতত ৪৫ লাখতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে।

Exit mobile version