ভাৰত-চীন সীমান্তৰ সংঘৰ্ষৰ সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ স’তে এইবাৰ বৈঠকত মিলিত হয় ৱাং ই

78051143

ভাৰত-চীন সীমান্তৰ এল এ চিৰ সন্দৰ্ভত বৃহস্পতিবাৰে বিয়লি ভাৰতৰ বৈদেশিকমন্ত্রী এছ জয়শঙ্কৰ আৰু চীনৰ বৈদেশিকমন্ত্রী ৱাং ই মস্কোত এক বৈঠকত মিলিত হয় । এল এ চিৰ লগতে সীমান্তত চীনা সৈন্যই সৃষ্টি কৰা সংঘৰ্ষ আৰু চীনা সৈন্যৰ উচতনিমূলক আচৰণে দুয়োখন দেশৰ মাজত দ্বি- পাক্ষিক চুক্তি আৰু প্ৰট’কলক অৱমাননা কৰিছে বুলি বেইজিঙক কোৱা হৈছিল।

ADVERTISEMENT

চৰকাৰী সূত্ৰত প্ৰকাশ যে, চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়ে কয় দুয়ো পক্ষৰ সীমান্তৰ সেনাৰ মাজত বুজাপৰা আৰু নিৰ্দিষ্ট সমস্যাৰ সমাধানৰ উদ্দেশ্যে হোৱা কথা-বাৰ্তাত বেইজিঙে সমৰ্থন কৰিব। বৈঠকত পূৱ লাডাখৰ সীমান্তত দীৰ্ঘস্থায়ী সমস্যাৰ সমাধানৰ বাবে পাঁচটা মুখ্য পৰিকল্পনাৰ সন্দৰ্ভত দুয়োখন দেশ একমত হয়।

বৈদেশিক মন্ত্রালয়ে শুক্ৰবাৰে যৌথ এক প্ৰেছ বিবৃতিত কয় যে, বৈঠকত দুয়োখন দেশে স্পষ্ট আৰু গঠনমূলক আলোচনাৰ ভিত্তিত পাঁচটা মূল পৰিকল্পনাত একমত প্ৰকাশ কৰে। বৈঠকত মূলতঃ দুয়োখন দেশে ভাৰত আৰু চীনৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ আৰু পুনৰ যাতে মতভেদৰ বিবাদ নহয় সেই সম্পৰ্কে আলোচনা কৰে।

Exit mobile version