হাজোত কৰ’নাৰ কোনো নীতি-নিয়ম নামানি আধাৰ কাৰ্ডৰ নামত দীঘলীয়া শাৰী

IMG 20200911 WA0004

ৰাজ্য চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণাৰ্থে হিতাধিকাৰীৰ বাবে এতিয়া অতি প্ৰয়োজন হৈ পৰিছে আধাৰ কাৰ্ড । তেনে সময়ত হাজো বিধান সভা সমষ্টিত মাত্ৰ কেইটামান আধাৰ কেন্দ্রহে অনুমোদন কৰিছে । সমষ্টিটোৰ বিশখনকৈ গাওঁ পঞ্চায়তৰ বিপৰীতে আধাৰ কেন্দ্ৰ অনুমোদন নকৰি হাজো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদকে ধৰি মাত্ৰ প্ৰায় তিনিটামানহে আধাৰ কেন্দ্রত আধাৰ কাৰ্ডৰ কাম চলি আছে ।

যাৰপৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণ ৰাইজে আধাৰ কাৰ্ড বনোৱাৰ নামত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়াত পৰিছে । প্ৰসৰ ৰ’দ- বৰষুণক নেওচি সম্প্ৰতি সৰ্বসাধাৰণ ৰাইজে পুৱাৰে পৰা সন্ধিয়া পৰ্যান্ত মহামাৰী কৰ’নাৰ নীতি-নিয়ম নামানি শাৰী পাতি থকা পৰিলক্ষিত হৈছে ।

দিনটো ভোকে-পিয়াহে শাৰী পাতি আধাৰ কাৰ্ডৰ নামত জীয়াতু ভোগা ৰাইজে অতি শীঘ্ৰে হাজো বিধান সভা সমষ্টিৰ প্ৰতিটো গাওঁ পঞ্চায়তৰ বিপৰীতে একোটাকৈ আধাৰ কেন্দ্ৰ অনুমোদন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।

Exit mobile version