“চুতীয়া জনগোষ্ঠীক বিজেপি চৰকাৰে চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে” : ধাৰাবাহিক আন্দোলন ঘোষণা চুতীয়া ছাত্ৰ সন্থাৰ

download 1

‘ৰাজ্যৰ চুতীয়া জনগোষ্ঠীক বিজেপি চৰকাৰে চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে । কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতিতে পাঁচবছৰীয়া শাসনকালৰ অন্ত পৰিবলৈ হ’ল । বিজেপি চৰকাৰে জনগোষ্ঠীটোক কৰা এনে প্ৰতাৰণা সহ্য কৰা নহ’ব ।’ সদৌ চুতীয়া ছাত্ৰ সন্থাই এনেদৰে হুংকাৰ দি চৰকাৰৰ এনে প্ৰতাৰণাৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে চুতীয়া ছাত্ৰ সন্থাই ।

সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিবাহকে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছত আজি গোলাঘাটত সংবাদমেলযোগে এই কথা ঘোষণা কৰে । গোলাঘাটৰ বীৰঙ্গণা সতী সাধনী ক্ষেত্ৰত আয়োজন কৰা সংবামেলত চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহেন বৰাই কয় যে, ছয়জনগোষ্ঠীৰ তিনিটা জনগোষ্ঠীক স্বায়ত্ব পৰিষদ দিয়াৰ কথা বিধানসভাত ঘোষণা কৰি আন কেইটা জনগোষ্ঠীক চৰকাৰে প্ৰৱঞ্চনা কৰিছে ।

ছয়জনগোষ্ঠীৰ মাজত ভাঙোন আনিবলৈ চৰকাৰে গ্ৰহণ কৰা নীতি আৰু চুতীয়া জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ বাবে বিজেপি চৰকাৰক তীব্ৰ সকীয়নি ছাত্ৰ সংগঠনটোৰ । সংবাদমেলত সন্থাৰ সভাপতি ক্ষীৰোদ শ‌ইকীয়া আৰু সম্পাদক মহেন বৰাই কয় যে বিজেপি চৰকাৰে চুতীয়া জনগোষ্ঠীক কৰা প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বাবে অহা ১৯ ছেপ্টেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে ।

১৯ ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰ আৰু মহকুমা সদৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী, ২০ ছেপ্টেম্বৰৰ পৰা বিজেপিৰ বিৰুদ্ধে গাঁৱে-গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰিব । ৩০ ছেপ্টেম্বৰত প্ৰতিখন জিলা সদৰত ধৰ্ণা কাৰ্যসূচী, ১২ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈকে প্ৰতি জিলাত গণ সমাবেশ অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ।

ইফালে চলিত ছেপ্টেম্বৰ মাহৰ ভিতৰতে টিয়কত চুতীয়া জনগোষ্ঠীৰ চাৰিটা সংগঠন একত্ৰিত হৈ আলোচনা কৰি সুকীয়া ৰাজনৈতিক মঞ্চ গঠন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে । ইফালে আছু আৰু ৩০টা জাতি জনগোষ্ঠী সংগঠনৰ লগত চুতীয়া ছাত্ৰ সন্থাই জাতীয় সমস্যাৰ ক্ষেত্ৰত আন্দোলন কৰি যাব বুলিও আজিৰ সংবাদমেলত ঘোষণা কৰে ।

Exit mobile version