AstraZenecaৰ ক’ভিড-১৯ ভেকচিনৰ পৰীক্ষা স্থগিত ৰখাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিক্ৰিয়া: নিৰুৎসাহ হোৱাৰ প্ৰয়োজন নাই

Chief Scientist of WHO Soumya Swaminathan

AstraZenecaৰ ক’ভিড-১৯ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাত এগৰাকী অংশগ্ৰহণকাৰী অসুস্থ হৈ পৰাৰ পাছতে স্থগিত কৰি ৰখা হৈছে। ইয়াৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত কয় যে, ইয়াত নিৰুৎসাহ হ’ব লগা একো নাই । এনেধৰণৰ ঘটনা কেতিয়াবা ট্ৰায়েলৰ ক্ষেত্ৰত নিয়মিত ৰূপত ঘটিয়ে থাকে ।

অন্যহাতে, পুনেস্থিত চেৰাম ইনষ্টিটিউটৰ ভাৰতত ট্ৰায়েলো বন্ধ কৰি দিয়া হৈছে। বুধবাৰে দাবী কৰে যে, AstraZenecaৰ সিদ্ধান্তৰ পাছত ভাৰতত এই পৰীক্ষা অপ্ৰভাৱিত হ’ব । ইয়াৰ পাছতে বৃহস্পতিবাৰে ভাৰতত ট্ৰায়েল বন্ধ কৰি দিয়া হয় । এই পর্যন্ত ১০০ জন অংশগ্ৰহণকাৰীক ভাৰতত ভেকচিন দিয়া হৈছে। যোৱা মাহত ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ অনুমোদন জনোৱা হৈছিল। লগতে সম্পূৰ্ণ ট্ৰায়েলত মুঠ ১৬০০ জন অংশগ্ৰহণকাৰীৰ নাম তালিকাভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছিল।

এই সন্দৰ্ভত জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান বিজ্ঞানী সৌম্য স্বামীনাথনে কয় যে,  AstraZenecaৰ ক’ভিড-১৯ ভেকচিনৰ স্থগিতকৰণৰ ক্ষেত্ৰত নিৰাশ হ’বলগীয়া একো নাই। এই ঘটনাটোৱে ইয়াকেই প্ৰমাণ কৰে যে, ভেকচিন বিকাশৰ প্ৰক্ৰিয়াটো সদায় দ্ৰুত আৰু পোনপটীয়া নহয় ।

আনহাতে, AstraZenecaৰ ক’ভিড-১৯ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ পাছত হঠাৎ অসুস্থ হৈ পৰা অংশগ্ৰহণকাৰী আছিল ইংলেণ্ডৰ এগৰাকী মহিলা। মহিলাগৰাকীৰ Transverse myelitis নামৰ মাৰাত্মক ৰোগত ভোগাৰ লগতে স্নায়ুজনিত সমস্যাৰ লক্ষণে দেখা দিছিল। বুধবাৰে এই কথা সদৰী কৰে ভেকচিন নিৰ্মাতা কোম্পানীৰ মুখ্য কাৰ্যকৰী বিষয়া পাস্কাল সৰিওটে।

Exit mobile version