অন্ধকাৰত সীমান্ত বাসীঃঅসম-অৰুণাচল সীমান্তৰ চিজুছাত সপ্তাহৰ পাঁচ দিনেই নাথাকে বিজুলী

q1qqq

দেশৰ চুকে কোনে প্ৰতিদিনে ২৪ ঘন্টা বিজুলী সেৱা আগবঢ়োৱা হ’ব বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দিয়া প্ৰতিশ্ৰুতি মিছা প্ৰতিশ্ৰুতি হিচাপে পৰিগণিত হ’ল৷তাৰ জলন্ত উদাহৰণ হিচাপে বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তকে ধৰি অৰুণাচলৰ চিজুছাত সপ্তাহটোৰ পাঁচ দিনেই বিজুলী নাথাকে ৷ যাৰফলত এই বৃহত্তৰ অঞ্চলৰ লোকসকল বহুদিন ধৰি জীয়াতু ভুগিব লগা হৈছে ৷

ইফালে এতিয়াও অৰুণাচলৰ বহুত ঠাইত বিজুলী সংযোগৰ তাঁৰেই যোৱা নাই আনহাতে এনেকুৱা বহু ঠাই আছে য’ত বিজুলীৰ তাঁৰ সংযোগ হৈছে কিন্তু সপ্তাহটোৰ দুই এদিনহে বিজুলী থাকে বুলি জানিব পৰা গৈছে ৷ইফালে এই অঞ্চলসমুহত বিজুলী দিনক দিনে নথকাৰ ফলত বিজুলীৰ ওপৰত নিৰ্ভৰ কৰি চলা ব্যবসায়িক অনুষ্ঠান প্ৰতিষ্ঠান সমূহ প্ৰায়েই বন্ধ হৈ থকা পৰিলক্ষিত হৈছে ৷

আনহাতে কৰ’না মহামাৰীৰ সংক্ৰমণৰ ফলত দেশত ছয় মাহ ধৰি আনুষ্ঠানিক শিক্ষা বন্ধ হৈ থকাৰ পৰিৱৰ্তে অনলাইন পাঠদান চলি আছে যদিও উক্ত বৃহত্তৰ সীমান্ত অঞ্চলৰ লগতে চিজুছাৰ ছাত্ৰ ছাত্ৰীসকলে বিজুলীৰ অভাৱৰ ফলত শিক্ষকসকলে আগবঢ়োৱা অনলাইন পাঠদানৰ যোগদান কৰিবলৈ সক্ষম হোৱা নাই ৷

যদি অনলাইন পাঠদানৰ ওপৰত ভিত্তি কৰি এই দুই ৰাজ্যৰ শিক্ষা বিভাগে চলিত বৰ্ষৰ শেষান্ত পৰীক্ষাসমুহ অনুষ্ঠিত কৰে তেন্তে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কোনো বিষয় বস্তুৰ পাঠদানত অংশগ্ৰহণ নকৰাকৈ কেনেকৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব এই বিষয়কলৈ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক সকল চিন্তিত হৈ পৰিছে ৷

সপ্তাহটোৰ পাঁচ দিনেই এই অঞ্চলত বিজুলী নথকাৰ বাবে এই অঞ্চলৰ বৃহত্তৰ ৰাইজে আচৰিত প্ৰকাশ কৰিছে ৷ অসম-অৰুণাচল সীমান্তকে ধৰি অৰুণাচলৰ চিজুছাৰ বিজুলী যোগান ধৰে চতিয়া বিধানসভা সমষ্টিৰ জামুগুৰিহাটস্থিত পাৱাৰ হাউছৰ পৰা ।কিন্তু পাৱাৰ হাউছটোৰ বিভাগীয় কৰ্মচাৰীসকলৰ অবহেলা আৰু গাফিলতিৰ বাবেই এই অঞ্চলৰ লোকসকলে দিনক দিনে বিজুলীৰ অভাৱত ভুগিব লগা হৈছে বুলি অভিযোগ উঠিছে।

Exit mobile version