আছুৰ মজিয়াৰ পৰা বিদায় ল’লে মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে

dca91d9f 5992 4aba aeec 95d29890b9c3
আছুৰ মজিয়াত সূদীৰ্ঘ ২৭ বছৰীয়া পৰিক্ৰমাৰে সেৱা আগবঢ়াই ছাত্ৰ সংগঠনটোৰ পৰা আজি বিদায় ল’লে মুখ্য সাংগঠানিক সম্পাদক ৰাজু ফুকনে। লক্ষ্য- ‘অসম প্ৰথম, সদায় আৰু চিৰ দিন’ । সৰুপথাৰ বিধান সভা সমষ্টিত এঘঢ়ী যুঁজিবলৈ টঙালী বান্ধিছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ সমষ্টিৰ ছাত্ৰ নেতাজন । আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আত্মপ্ৰকাশ কৰিবলগীয়া আঞ্চলিক ৰাজনৈতিক দলৰ বিশেষ দায়িত্ব গ্ৰহণেৰে দলটোক জনমুখী কৰাৰ অৰ্থে আহ্বায়ক সমিতিৰ দায়িত্ব প্ৰদান কৰিবলৈ লোৱাৰ বাবে আছূৰ মজিয়াৰ পৰা আগতীয়াকৈ তেওঁ অব্যাহতি গ্ৰহণ কৰে ৷
সূদীৰ্ঘ প্ৰায় তিনিটা দশক ছাত্ৰ সংগঠনটোত কাম-কাজ কৰি যোৱা আছুৰ মূখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে আজি অব্যাহতি লোৱাত স্বাভাৱিকতে গোলাঘাট জিলাৰ তিনিওটা মহকুমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া-কৰ্মীসকলে গভীৰ দুখ অনুভৱ কৰে । একনিষ্ঠ কৰ্মীৰূপে ৰাজু ফুকনে গোলাঘাট জিলাৰ প্ৰতিখন আঞ্চলিক সমিতি, মহকুমা সমিতিৰ মাজত সমন্বয় স্থাপন কৰি আছুক গতিশীল কৰাত বিগত সময়চোৱাত বিশেষ ভূমিকা পালন কৰি গৈছিল ।
ধনশিৰি মহকুমা ছাত্ৰ সন্থাই আজি বিলগাঁও,বৰপথাৰ,টেঙানীসৰুপথাৰ,গেলাবিল,উৰিয়ামঘাট,নাওজান আৰু চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সৰুপথাৰত বিশাল অনুষ্ঠান আয়োজন কৰি ছাত্ৰ কৰ্মীসকলৰ আদৰৰ ৰাজু ফুকনক বিদায় সম্বৰ্ধনা জনায় । আছুৰ মজিয়াত আগন্তুক দিনত ৰাজুদাৰ শূণ্যতাৰ বাবে ছাত্ৰ সন্থাৰ বহুজন নিষ্ঠাৱান কৰ্মী দুখত ভাগি পৰাও পৰিলক্ষিত হয় ।
গোলাঘাট জিলা ছাত্ৰ সন্থাই গোলাঘাট নগৰৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আজি ৰাজু ফুকনৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি বিপুল সম্বৰ্ধনা জনায় । জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোনোৱালৰ পৌৰহিত্যত আনুষ্ঠিত হোৱা অনুষ্ঠানৰ আঁত ধৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰিঞ্চ দলেই । অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ উপদেষ্টা অভিৱৰ্তন গোস্বামী, গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংশুমান বৰুৱা,সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈ, গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়া,কৰ্মীকে ধৰি কেইবাখনো আঞ্চলিক ছাত্ৰ সন্থাই অংশগ্ৰহণ কৰি ৰাজু ফুকনক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ।
উল্লেখ্য যে, ১৯৯৩ চনত বিলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হোৱাৰ পাচত ২০১০ চনত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতিৰূপে তেওঁ নিৰ্বাচিত হৈ জিলা ছাত্ৰ সন্থাক সৱল নেতৃত্ব প্ৰদান কৰি গৈছে । পৰৱৰ্তী সময়ত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহলৈ নিৰ্বাচিত হৈ দুধনৈ অধিৱেশনত সাংগঠনিক সম্পাদকৰূপে নিৰ্বাচিত হয় । পাচত তেওঁক মুখ্য সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰে ।
ইফালে আছুৰ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ পৰা ৰাজু ফুকনে আগন্তক বিধান সভা নিৰ্বাচনত সৰুপথাৰ বিধান সভা সমষ্টিৰ পৰা প্ৰতিদণ্ডিতা কৰাটো নিশ্চিত হৈছে । আজি বিদায় সম্বৰ্ধনাত অংশগ্ৰহণ কৰিবলৈ যোৱা অৱস্থাত সৰুপথাৰত ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাৰ কৰ্মীয়ে বিশাল মটৰ চাইকেল শোভাযাত্ৰা কৰি ‘ৰাজু ফুকন জিন্দাবাদ’ শ্লগানেৰে একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰা পৰিলক্ষিত হয় । আছু ,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰকে ধৰি বহুকেইটা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঔৰষত আত্মপ্ৰকাশ কৰিবলগীয়া নতুন আঞ্চলিক ৰাজনৈতিক দলৰ পৰা সৰুপথাৰ বিধান সভা সমষ্টিত ৰাজু ফুকনে আগন্তক নিৰ্বাচনী প্ৰতিদণ্ডিতাৰ বাবে টঙালী বন্ধাত সমষ্টিটোত আউল লাগিছে ৰাজনৈতিক অংকৰ ।
Exit mobile version