কৰীণা কাপুৰ খানে ইনষ্টাগ্ৰামত ফ’ল’ নকৰে ছাৰা আলী খানক

dc Cover vald9t1tg0ioajrpdc62k2bs76 20181113181034.Medi

বলিউড অভিনেত্ৰী কৰীণা কাপুৰ খান কেইবামাহ পূৰ্বে ইনষ্টাগ্ৰামত ‘ডেবু‍্য’ কৰিছে ।অতি কম সময়ৰ ভিতৰতে কৰীণাক অনুসৰণ কৰা অনুৰাগীৰ সংখ্যাও বৃদ্ধি পাইছে ইনষ্টাগ্ৰামত।অভিনেত্ৰী গৰাকীক প্ৰায় ১মিলিয়ন লোকে ‘ফ’ল’ কৰিছে ।পিছে কৰীনাই ‘ফ’ল’ কৰা তালিকা খন খুবেই চুটি ।কিছু বছা বছা লোককহে ‘ফ’ল’ কৰিছে অভিনেত্ৰী গৰাকীয়ে ।এই সকলৰ ভিতৰত আছে বলিউডৰ তাৰকাৰ লগতে কৰীণাৰ আত্মীয়।

কিন্তু কৰীনাই ‘ফ’ল’ কৰা নাই অভিনেত্ৰী ছাৰা আলী খানক।দুয়ো গৰাকী অভিনেত্ৰীয়েই ইগৰাকীয়ে সিগৰাকীক ‘ফ’ল’ কৰা নাই ইনষ্টাগ্ৰামত।ইয়াকে লৈ গুজৱ উঠিছে ‘বি-টাউন’ ত ।উল্লেখ্য যে ছাৰা আলী খান কৰীণাৰ সতীয়া জী ।পিছে ছাৰাই ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে কৰীণা কাপুৰ তেওঁৰ এগৰাকী খুব ভাল বান্ধৱীও। কৰীণাক ছাৰাই বহুত সন্মানো কৰে ।তেনেৱস্থাত ছ’চিয়েল মিডিয়াত দুয়োগৰাকীৰ মাজত হোৱা ব্যৱধানক লৈ বহুতে দুয়োৰে সম্পৰ্কত কিবা ফাট মেলিছে বুলিও ক’ব খোজে । এই লৈ বিভিন্ন জনে মন্তব্য কৰিছে ছ’চিয়েল মিডিয়াত।

Exit mobile version