নগাঁও আৰু কাছাৰ কাগজ কলৰ পুনৰোজ্জীৱিতকৰণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক আদৰণি ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশৰ

746dd286 8070 40d2 ad85 523214ea9196

নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়ধীকৰণ(NCLT) ৰ পৰা অতিৰিক্ত এমাহ সময় বিছাৰি অসম চৰকাৰৰে হিন্দুস্তান লিমিটেডৰ লিকুইডেটৰ কুলদ্বীপ বাৰ্মালৈ প্ৰেৰণ কৰা পত্ৰখনৰ বাবে ৰাজ্যিক চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে।

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি দলৰ মুখপাত্ৰ কুইন ওজা এক প্ৰেছ বিবৃতিৰ দ্বাৰা এই পদক্ষেপক আদৰণি জনাই কয় যে,ৰাজ্য চৰকাৰৰ এই বলিষ্ঠ পদক্ষেপে কল দুটাৰ পুনৰজীৱতৰ ক্ষেত্ৰত নিজৰ দায়বদ্ধতাকে প্ৰতিপন্ন কৰে। ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়ধীকৰণৰ অধীনত বিচৰাধীন এই বিষয়ট মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে।

বন্ধ হৈ থকা কাগজ কল দুটা পুনৰোজ্জীৱিতকৰণৰ লগতে কৰ্মচাৰীসকলৰ বকেয়া ধন আদায় দিয়া কাৰণে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ গুৰু উদ্যোগ বিভাগৰ লগত সকলো ধৰণৰ আলোচনা অব্যাহত ৰাখিছে। লগতে কুইন ওজাই কয় যে মুখ্যমন্ত্ৰী সোনোৱালে নিজাববীয়াকৈ এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ স্তৰত আলোচনা কৰিছে ৷ কেৱল এইয়াই নহয় ইয়াৰপূৰ্বে ২০১৯ ত কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ নেতৃত্বত কামাখ্যা প্ৰসাদ তাছা, দিলীপ শইকীয়া, ৰাজদীপ ৰয়, প্ৰদান বৰুৱা, তপন কুমাৰ গগৈকে আদি কৰি অসমৰ পৰা নিৰ্বাচিত হোৱা নৱ নিৰ্বাচিত সাংসদসকলে কেন্দ্ৰীয় উদ্যোগ বিভাগৰ মন্ত্ৰীক লগ কৰি এই বিষয়টো উত্থাপন কৰি সমাধানৰ বাবে হেঁচা প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে, বন্ধ হৈ থকা এই কল দুটাৰ লগত জড়িত কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি এক সংবেদনশীল দৃষ্টি ভংগী ৰাখি চৰকাৰখনে সময়ে সময়ে তেওঁলোকক সকাহ দিয়াৰ চেষ্টা কৰি আহিছে। পূৰ্বৰ চৰকাৰৰ দিনতেই মৃত প্ৰায় হৈ পৰা কাগজ কল দুটাক পুনৰোজ্জীৱিতকৰণৰ উদ্দেশ্য ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দায়িত্বভাৰ লৈয়ে প্ৰায় ৩৩ কোটি টকা কাগজ যোগানৰ অগ্ৰীম ধন মোকোলাই দিয়ে।

পৰৱৰ্তী সময়ত কৰ্মচাৰী সকলৰ PF ৰ ধন মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো সহায় আগবঢ়াই প্ৰায় ১০০ কোটি টকাৰ এক সাময়িক সকাহ দিয়াৰ চেষ্টা কৰে লগতে কল দুটাৰ কৰ্মচাৰীসকলৰ ছাত্ৰ-ছাত্ৰী সকলোকে উচ্চ শিক্ষা লাভৰ বাবে আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থা কৰি নিজৰ দায়বদ্ধতা প্ৰমাণ কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু অসম চৰকাৰ সম্পূৰ্ণ আশাবাদী যে, ন্যায়ধীকৰণত চলি থকা এই গোচৰ অতি সোনকালে মীমাংস হ’ব আৰু অসম চৰকাৰৰ কাগজ কল দুটাৰ পুনৰ জীৱিতকৰণ প্ৰচেষ্টা ফলপ্ৰসু হ’ব।

Exit mobile version