ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণে দেউলীয়া ঘোষণা কৰাৰ পূৰ্বে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ পুনৰোজ্জীৱিতকৰণৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰিলে জাগীৰোডৰ কাগজ কল দখল কৰিব ৰাজ্যৰ উদ্যোগ বচাওক,শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিয়ে।
এক সংবাদমেলত এই কথা সদৰী কৰি যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক পংকজ কুমাৰ দাসে কয় যে দেশ বিদেশৰ উদ্যোগীক আকৰ্ষণৰ বাবে “এডভান্টেজ অসম” ৰ আয়োজন কৰি চমক সৃষ্টি কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে চূড়ান্ত অনীহা তথা অৱহেলাৰ বাবে ইটোৰ পিছত সিটো উদ্যোগ বন্ধ হৈ গৈছে। অহা ১৪ ছেপ্টেম্বৰৰ ভিতৰত যদি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কলৰ পুনৰোজ্জীৱিতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ নকৰে এন চি এল টিয়ে সিদিনাই অসম গৌৰৱ কাগজ কল দুটা দেউলীয়া ঘোষণা কৰাৰ সম্ভাৱনা আছে।
ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰক দাবী জনোৱা হৈছে। অন্যথা আগন্তুক দিনত অকুপায় জাগীৰোডৰ দৰে কৰ্মসূচী গ্ৰহণ কৰাৰ হুংকাৰ দি তেওঁ কয় যে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰোজ্জীৱিত কৰাটো আছিল বিজেপিৰ অন্যতম লক্ষ্য।ইয়াৰ আধাৰতে কেন্দ্ৰীয় চৰকাৰে হিন্দুস্থান পেপাৰ কৰ্প’ৰেচনৰ কাগজ কল দুটাৰ পুনৰোজ্জীৱিতকৰণৰ বাবে ২০১৫ ৰ পৰা ২০১৮ ৰ ভিতৰত মুঠ ৪,১৪১ কোটি টকা মোকলাই দিয়া বুলি কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰীয়ে ২০১৯ ৰ লোকসভাত ঘোষণা কৰে।
কিন্তু উক্ত ধনৰাশি ক’ত কেনেদৰে ব্যয় হ’ল সেই সম্পৰ্কত কোনো তথ্য নাই ।উদ্যোগ বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ১৯০০কোটি টকাৰ পেকেজ ঘোষণা কৰে। এই পেকজৰ ধন আজিলৈকে মোকলাই নিদিলে চৰকাৰে ।অথচ ভোটৰ স্বাৰ্থত ড° হিমন্ত বিশ্ব শৰ্মাই সাঁচি ৰখা ধনৰ পৰা ২১০ কোটি টকা ধাৰ্য কৰি অৰুণোদয় আঁচনিৰ জৰিয়তে ১৭ লাখ দুশ কোটি টকা বিনিয়োগ কৰিব পাৰে ।তেনেস্থলত কাগজ কল দুটা পুনৰোজ্জীৱিত কৰিব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে ।
কোটি কোটি টকা ব্যয় সাপেক্ষে এডভান্টেজ অসম”ৰ আয়োজনেৰে সৃষ্টি কা চমক প্ৰহসনত পৰিণত হোৱা বুলি উল্লেখ কৰি এপল’ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক দুৰ্গাৰাম হালৈয়ে কয় যে ৰাজ্যৰ পুৰণি উদ্যোগসমূহি যদি জীয়াই ৰাখিব নোৱাৰে তেন্তে কোটি কোটি টকা ব্যয় সাপেক্ষ এডভান্টেজ অসমৰ আয়োজন কৰাৰ অৰ্থই হ’ব নোৱাৰে ।
ইফালে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি চাহ শ্ৰমিকসকলক নূন্যতম দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰাৰ বাবে চাহ শ্ৰমিকসকলে প্ৰতিমাহে ৭২০ টকাকৈ হেৰুৱাব লগা হৈছে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীত চাহ শ্ৰমিক বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে অহা ৩০ ছেপ্টেম্বৰত আহ্বান জনোৱা বাগিচা ধৰ্মঘট কাৰ্যসূচীলৈ উদ্যোগ বচাওক,শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ পূৰ্ণ সমৰ্থন থকা বুলি উল্লেখ কৰে অন্যতম আহ্বায়ক বিবেক দাসে।