সাৱধানঃবাৰ,ৰেষ্টুৰেণ্টে বঢ়াব পাৰে কৰ’না ভাইৰাছৰ সংক্ৰমণ

COVID 19 risk restaurants CDC

শেহতীয়াকৈ Disease Control and Preventionৰ সমীক্ষাত পোৱা গৈছে যে ৰেষ্টুৰেণ্ট আৰু বাৰত কৰ’না ভাইৰাছ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বহুত বেছি। CDC ৰ সমীক্ষাত পোৱা গৈছে যে কৰ’নাত আক্ৰান্ত বহু লোকে এবাৰ হ’লেও ৰেষ্টুৰেণ্টত গৈ চাহ,কফিৰ লগতে ভোজন গ্ৰহণ কৰিছে।

ADVERTISEMENT

আনহাতে বাৰ ৰেষ্টুৰেণ্টসমূহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি খাদ্য গ্ৰহণ কৰাটো পৰিলক্ষিত নহয়। কাৰণ বাৰ ৰেষ্টুৰেণ্টত সেই সময়ত খাদ্য গ্ৰহণ কৰোতে মাস্ক পৰিধান কৰা নহয় ।

গতিকে বাৰ ৰেষ্টুৰেণ্টসমূহত খাদ্য গ্ৰহণ কৰাত বিকল্প ব্যৱস্থাৰ কথা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে

ইপিনে কৰ’নাত আক্ৰান্ত হোৱা ৰোগীসকলৰ ৭০ শতাংশই ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰে ৷লগতে কৰ’নাত আক্ৰান্ত লোকসকল একাংশই এখন ৰেষ্টুৰেণ্টত আহাৰ গ্ৰহণ কৰাৰ কথাও সদৰী কৰে।

কৰ’নাত আক্ৰান্ত ১০৭ জন ৰোগীৰ ভিতৰত ২১ জন গৈছিল বাৰ আৰু কফি দোকানলৈ ৷

এক বিশেষ সমীক্ষা অনুসৰি মহামাৰী কৰ’না সম্প্ৰতি মানুহৰ পছন্দৰ খাদ্যৰ পৰাহে সংক্ৰমণ হৈছে ৷

Exit mobile version