সুস্থ হৈয়ে দেশবাসীলৈ অভিষেক বচ্চনৰ আহ্বান”এই ভাইৰাছক সহজে নল’ব”

918751 abhishek bachchan

বলীউডৰ অভিনেতা অভিষেক বচ্চনে শেহতীয়াকৈ ক’ভিড ১৯ ত আক্ৰান্ত হোৱাৰ পিছত হোৱা অভিজ্ঞতাৰ সন্দৰ্ভত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ভিডিঅ’টিত অভিষেকে কৈছে ” আপুনি য’তেই নাযাওক,যাৰ লগতে নাযাওক কিয় মাস্ক পৰিধান কৰিবলৈ কেতিয়াও নাপাহৰিব,হয় এইয়া খুবেই জৰুৰী” ৷লগতে ভিডিঅ’টোত অভিষেকক মাস্ক পৰিধান কৰি থকা দেখা গৈছে।

বিগত সময়ত কৰ’নাত আক্ৰান্ত হৈ মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অভিষেক বচ্চন । চিকিৎসালয়ৰ পৰা কৰ’নাত সুস্থ হৈ অভিষেক ঘৰলৈ আহে আগষ্ট ১০ তাৰিখে ৷৪৪বছৰীয়া অভিনেতা অভিষেক বচ্চনে কৰ’নাত সুস্থ হৈ ছ’চিয়েল মিডিয়াৰ যোগেদি জনসাধাৰণক সতৰ্ক কৰি দিয়ে ।

উল্লেখযোগ্য যে বিগত দিনত কৰ’না ভাইৰাছত অভিষেক বচ্চনৰ লগতে পিতৃ অমিতাভ বচ্চন,ঐশ্বৰ্য ৰায় বচ্চন আৰু আৰাধ্যা বচ্চন আক্ৰান্ত হয়।কৰ’নাৰ পৰা ৰক্ষা পৰে কেৱল জয়া বচ্চন৷ সমগ্ৰ বচ্চন পৰিয়ালেই কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থাকে নানাৱতী হস্পিতালত। ইয়াৰ পিছতেই তেওঁলোকৰ বাসগৃহত BMC য়ে চেনিটাইজ কৰাৰ উপৰিও কনটেইনমেন্ট জ’ন ঘোষণা কৰে।

ইয়াৰ পাছত ঐশ্বৰ্য্য ৰায় বচ্চন ক’ভিডৰ পৰা সুস্থ হৈ ঘৰলৈ আহে জুলাই ২৭ তাৰিখে,আগষ্টৰ ২ তাৰিখে অমিতাভ বচ্চন সুস্থ হৈ ঘৰলৈ আহে। আৰু একেবাৰে শেষত সুস্থ হৈ অভিষেক বচ্চন ৷গতিকে ক’ভিডৰ ভয়াৱহতাৰ বিষয়ে সকলোকে সজাগ কৰিবলৈ ইনষ্টাগ্ৰামৰ জৰিয়তে এটা ভিডিঅ’ শ্বেয়াৰ কৰে অভিষেক বচ্চনে।

উল্লেখযোগ্য যে সম্প্ৰতি সমগ্ৰ দেহত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷সৰ্বাধিক কৰ’না আক্ৰান্তত ভাৰত বৰ্ষই দ্বিতীয় স্থানলৈ উন্নীত হৈছে।

ইপিনে অভিনেতা অভিষেক বচ্চনে Breath, ৰ জৰিয়তে ডিজিটেল ডেবিউ কৰিব। ইয়াৰোপৰি আছে Big Bull,Bob Biswas ৰ লগতে Kahani.

Exit mobile version