ৰাজ্যত নিৰ্মাণ হ’ব পূব ভাৰতৰ সৰ্ববৃহৎ চিকিৎসালয়ঃ ড° হিমন্ত বিশ্ব শৰ্মা

himanta 1587224358

জনতা ভৱনত বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ।

চৰাইদেউ,বিশ্বনাথ চাৰিআলি,গোৱালপাৰাত  হ’ব চিকিৎসালয়।

মহেন্দ্ৰ মোহন চৌধুৰী আৰু কালাপাহাৰত থকা দুয়োখন চিকিৎসালয়ত সংলগ্ন কৰি নিৰ্মাণ কৰা হ’ব পূব ভাৰতৰ বৃহৎ চিকিৎসালয়। ইয়াৰ কাৰণে অনুমোদন দিয়া হৈছে ২০৫০ কোটি টকা ৷ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব ডিচেম্বৰৰ পূৰ্বে।

কাছাৰ,কৰিমগঞ্জ,হাইলাকান্দি,দৰং বৰপেটা,নগাঁও,বিলাসীপাৰাকে ধৰি ৰাজ্যত ন খন ঠাইত নিৰ্মাণ হ’ব মহিলা ডিগ্ৰী কলেজ ।ইয়াৰ কাৰণে অনুমোদন দিয়া হ’ব ৩০৩.৩ কোটি টকা ৷

ৰাজ্যত ৬ খন ডিগ্ৰী কলেজ স্থাপন কৰা হ’ব। ইয়াৰ কাৰণে অনুমোদন কৰা হৈছে ১০০ কোটি টকা ।

ৰাজ্যত ১০ খন আইন মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব ৷ইয়াৰ কাৰণে ৩৩ কোটি টকাৰ অনুমোদন  দিয়া হৈছে।অহা ৩১ ডিচেম্বৰৰ পৰা ইয়াৰ পূৰ্ণ গতিত কাম আৰম্ভ হ’ব।

গুৱাহাটীৰ মালিগাঁও চাৰিআলিত নতুনকৈ উৰণীয়া সেঁতু নিৰ্মাণ হ’ব ৷এই উৰণীয়া সেঁতুৱে কামাখ্যালৈ যোৱা পথক সংযোগ কৰিব ।ইয়াৰ দৈৰ্ঘ্য হ’ব চাৰি কিলোমিটাৰ ৷ইয়াৰ কাৰণে ব্যয় হ’ব ৩২১.৪১ কোটি টকা ৷

ৰাজ্য চৰকাৰে ৰোড কৰিডৰ নিৰ্মাণ কৰিবৰ বাবে অনুমোদন দিছে ।অসম মালাৰ অধীনত ২৮৪ কিলোমিটাৰ কৰিডৰ হিচাপে নিৰ্মাণ কৰিব ৷

ধোদৰ আলি পুনৰ নিৰ্মাণৰ সিদ্ধান্ত। এই ক্ষেত্ৰত চৰকাৰৰ স্ব অগ্ৰাধিকাৰ পুঁজিৰ পৰা ধন ব্যয় হ’ব ৷

Exit mobile version