কৰ্মব্যস্ততাৰ মাজত আমাৰ সকলোৰে আধ্যাত্মিক শক্তি সবল হোৱাটো খুবেই প্ৰয়োজনীয় ৷ইয়াৰ কাৰণে আছে কিছুমান মানসিক ব্যায়াম ৷ইয়াৰ কাৰণে আমি ভালপোৱা যিকোনো কাম কৰি সেই মানসিক ব্যায়াম কৰিব পাৰো ।আৰু তাৎক্ষণিকভাৱে আমি সুখী হ’বও পাৰো। আহক পঢ়ো কেইটামান মানসিক ব্যায়ামৰ বিষয়ে:
মানসিক শান্তি আৰু ব্যায়ামৰ কাৰণে অলপ সময় নিজৰ আপোনজনৰ লগত থকাটো অতিকে প্ৰয়োজন। লগতে নিজৰ পৰিয়াল,বন্ধু বান্ধবীসকলৰ লগত সময় কটোৱাটোও প্ৰয়োজন। নিজৰ আপোনজনৰ লগত বা পৰিয়ালৰ লগত কটোৱা সুন্দৰ মূহুৰ্তসমূহক মনত পেলাইও মানসিক শান্তি লাভ কৰিব পাৰি ।গতিকে নেতিবাচক ধাৰণা কোনো কাৰণতে মনলৈ আনিব নালাগে। কিছুসময়ত মানুহৰ আধ্যাত্মিক শক্তিটো সবল হ’লে নেতিবাচক ধাৰণাই ক্ৰিয়া কৰিব নোৱাৰে । নিজৰ পৰিয়াল বন্ধুসকলৰ প্ৰতি দেখুওৱা মৰমে আমাক নতুনকৈ ভাবিলেও নতুন চিন্তাধাৰাৰ মুকলি কৰিব পাৰে।
ভ্ৰমণেও আমাৰ আধ্যাত্মিক শক্তি সবল কৰিব পাৰে ৷ইয়াৰ পৰা আমি প্ৰকৃতি আৰু পৃথিৱীৰ পৰা এক বিশেষ শক্তি পাওঁ। পুৱা শুই উঠি সূৰ্য উদয় হোৱা দৃশ্যই আমাৰ মনলৈ প্ৰশান্তি আনে ৷প্ৰকৃতিৰ লগত একাত্ম হৈও আমি আমাৰ আধ্যাত্মিক শক্তি সবল কৰিব পাৰো।
নিজৰ ইতিবাচক চিন্তাধাৰাবোৰ কাৰোবাৰ লগত আলোচনা কৰিবলেও মনলৈ মানসিক শান্তি আহে। গতিকে ভয়,পৰ আলোচনাৰ পৰা আঁতৰত থাকি যিমান পাৰি ইতিবাচক চিন্তাধাৰাৰ বিষয়ে আলোচনা কৰিব লাগে।
ইতিহাস সাক্ষী আছে যে সহায় কৰিলে মানুহৰ মনলৈ প্ৰশান্তি আহে ৷আৰু আধ্যাত্মিক ভাৱে শক্তিশালী লোকসকলেও আনক সহায় কৰি ভাল পায়। গতিকে আৰ্তজনক সহায় কৰিবৰ কাৰণে সদায় আগ্ৰহী হ’ লাগে।
প্ৰাৰ্থনা আৰু যোগাসনে আমাৰ আধ্যাত্মিক শক্তিক সবল কৰে ৷গতিকে যোগাসন আৰু প্ৰাৰ্থনা অভ্যাসত পৰিণত কৰিব লাগে ৷