অচিৰেই আহিব কৰ’নাৰ ভেকচিন

20200506270L 1589014760579 1589052072450

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড° হৰ্ষবৰ্ধনে কৰ’না ভেকচিনৰ সন্দৰ্ভত এটি ভাল খবৰ দিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে ২০২১ ৰ আৰম্ভণিতে কৰ’নাৰ ভেকচিন আহিব পাৰে । অৱশ্যে এই ক্ষেত্ৰত কোনো তাৰিখ ঘোষণা কৰাটো সম্ভৱ নহয় ।

লগতে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধনে কয় যে ভেকচিন অহাৰ পাছত চৰকাৰৰ সম্পূৰ্ণ দৃষ্টি সংবেদনশীল লোকসকলৰ ওপৰত থাকিব ৷ সেই ক্ষেত্ৰত অসুখী লোক, বৃদ্ধৰ লগতে জৰুৰীকালীন সেৱাত নিয়োজিত লোকসকলে আগস্থান পাব । এই লোকসকলক সকলোতকৈ আগতে ভেকচিন দিয়া হ’ব ।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধনে ভেকচিনক লৈ এখন কমিটি গঠন কৰাৰ সন্দৰ্ভটো ব্যক্ত কৰে ।যাতে, এই কমিটিখনৰ জৰিয়তে ভেকচিন বহু লোকৰ মাজত বিতৰণ কৰিবলৈ সুবিধা হয় ৷ লগতে মন্ত্ৰী হৰ্ষবৰ্ধনে কয় যে ভেকচিন তৈয়াৰ কৰিবলৈ সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰা হৈছে ।

ইয়াৰ মাজতে যদি কাৰোবাৰ ভেকচিনক লৈ কিবা সন্দেহ আছে তেন্তে ভেকচিনৰ প্ৰথম ড’জ ল’বলৈও সাজু আছে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধন । ইয়াৰ মাজতে দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৪৭,৪৫,৩৫৬ জনলৈ বৃদ্ধি পালে ।

বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৯৪,৩৭২ জন লোক। সুস্থ হৈছে ৩৭,০২,৫৯৫ জন লোক। চিকিৎসাধীন হৈ আছে ৯,৭৭,৯৮৯ জন লোক। মৃত্যু হৈছে ৭৮,৫৮৬ জন লোক ।

Exit mobile version