এইবাৰ সদনৰ কেণ্টিনৰ খাদ্য তালিকাত কি কি খাদ্য থাকিব ? চাওঁক খাদ্যৰ মেনু্‍্য খন

parliament canteen d0a70dca ee5c 11ea 8be1 d29c971a2cec

কাইলৈৰ পৰা আৰম্ভ হ’ব সদনৰ বৰ্ষাকালীন অধিৱেশন । ক’ভিড-১৯ ৰ প্ৰট’কলৰ মাজেৰেই আৰম্ভ হ’ব অধিৱেশন । সদনৰ কেণ্টিনত উপলব্ধ হ’ব বিভিন্ন সুস্বাদু খাদ্য। এই খাদ্যৰ তালিকাত থাকিব চিকেন বিৰিয়ানীৰ লগত ৰাইটা, চামুছা, চীজ ৰোলকে ধৰি বিভিন্ন খাদ্য ।

ব্ৰেকফাষ্টত থাকিব চীজ ৰোল (2৮টকা), কচুৰী (১০টকা), স্প্ৰিং ৰোল (৭০টকা), চম’চা(১০.৯০পইচা), ভেজ পেটিছ (২৫ টকা), পানীৰ পকোৰা (১৫.৯০পইচা), ভেজ কাবাব (৭৫ টকা ), ভেজ চেন্দুইছ(১৯.৭৫পইচা ) আৰু পানীৰ টিক্কা(১২৫টকা )  ।

এই খাদ্য সমূহৰ লগত থাকিব গুলাব জামুন (১২.৪০ পইচা), ৰসগোল্লা (১২.৫০ পইচা),  দুপৰীয়াৰ আহাৰত আমিষ-নিৰামিষ দুয়ো বিধে উপলব্ধ হ’ব । দুয়োবিধৰে মূল্য হ’ব ১০৫ টকা -১৫০ টকা । লগতে উপলব্ধ হ’ব দক্ষিণ ভাৰতীয় খাদ্য যেনে – ইডলি, দোছা, উত্তাপম লগত চম্বাৰ-চাটনি ।

এই খাদ্য সমূহৰ মূল্য ১১০ টকা । আমিষ খাদ্য সমূহৰ তালিকাত থাকিব ফ্ৰাই চিকেন, মাছ, সিজোৱা কণী । আনহাতে ভেজ বিৰিয়ানী লগত ৰাইটা (৭৫টকা), চিকেন বিৰিয়ানী লগত ৰাইটাৰ মূল্য ১০০ টকা । পোহা/ উপমা লগত চাটনি দাম ৫৫ টকা আৰু দুটুকুৰা ইডলি লগত চাটনিৰ দাম ৫০টকা ।

কোনোৱে পেকিং কৰি খাদ্য আনিবলৈ বিচাৰিলে বক্সৰ মূল্য ৩ টকাৰ পৰা ৫ টকা পৰ্যন্ত আনহাতে কাগজৰ গিলাচ আৰু কাগজৰ প্লেটৰ বাবদ ১ টকা আদায় দিব লাগিব । বিভিন্ন সাৱধানতা অৱলম্বন কৰি এই খাদ্য সমূহ পৰিবেশন কৰা হ’ব । চাহ, পানী, কফি আদি কাগজৰ কাপত যোগান ধৰা হ’ব ।

Exit mobile version