কালৰ গতিত হেৰাই গৈছে ইতিহাসপ্ৰসিদ্ধ ‘কতৌ হোলা’ পুখুৰী

IMG 20200911 200427

সংৰক্ষণৰ অভাৱত লাহে লাহে হেৰাই যাবলৈ ধৰিছে ৰাজ্যখনৰ বহু ইতিহাসপ্ৰসিদ্ধ সমল । এই সমূহ সংৰক্ষণৰ দায়িত্ব ৰাজ্য চৰকাৰৰ যদিও চৰকাৰৰ অৱহেলাৰ বাবেই কালৰ গতিত লাহে লাহে নিশ্চিহ্ন হ’বলৈ ধৰিছে বহু পৌৰাণিক কীৰ্তিচিহ্ন ।

নগাঁও জিলাৰো বিভিন্ন প্ৰান্তত বহু ইতিহাস প্ৰসিদ্ধ আৰু সমল নিশ্চিহ্ন হৈ পৰা পৰিলক্ষিত হৈছে । মানৰ বৰ্বৰ আক্ৰমণৰ স্মৃতি সজীৱ কৰি অহা নগাঁও জিলাৰ ধিঙৰ আঠগাঁও-লহকৰ ৰিজাৰ্ভত থকা কতৌ হোলা পুখুৰীৰ অস্তিত্বও লাহে লাহে হেৰাই যাব ধৰিছে ।

উল্লেখ্য যে, মানৰ চোৰাংচোৱা হিচাপে থকা কতৌ নামৰ এজন লোকে মানৰ লগ লাগি ধিং ৰাইজৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছিল । বিক্ষোভ ৰাইজে সেই পুখুৰীটোৰ ওপৰত গাঁত খান্দি সেই গাঁতত কতৌক ডিঙিলৈকে পুতি তাৰ মূৰত শিল এচটা দি শাস্তি বিহে । তেনেকৈয়ে সাতদিন যন্ত্ৰণা সহি কতৌৱে মৃত্যুক সাবটি ল’বলগীয়া হয় ।

পৰৱৰ্ত্তী সময়ত সেই পুখুৰীটোৰ নাম কতৌ পুখুৰী ৰখা হয় । বনবিভাগৰ দখলত থকা আঠগাঁও-লহকৰ ৰিজাৰ্ভৰ বিশাল ভূ-খণ্ড বিগত ২০০৬ চনত ৰাজহ বিভাগে ধিং জৱাহৰ নৱোদয় বিদ্যালয়ক আবন্টন দিয়াত এই ঐতিহাসিক প্ৰসিদ্ধ কতৌ হোলাটোও কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিদ্যালয় খনৰ দখললৈ যায় । বিদ্যালয় কৰ্তৃপক্ষই আবন্টন লাভ কৰা ভূমিত পকী বেৰা নিৰ্মাণ কৰে আৰু কতৌ হোলা পুখুৰীতো কিছু পৰিমাণে পুতি পেলায় ।

২০১৪-১৫ বর্ষত মৈৰাবাৰী উন্নয়ন খণ্ডৰ লহকৰ গাঁও পঞ্চায়তে মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত এই পুখুৰীটোৰ ভূমি উন্নয়নৰ নামত ১১ লাখ ৬৯ হেজাৰ টকা আবন্টন দি মাত্ৰ ২০-৩০ হেজাৰ টকাৰ মাটি পেলাই চৰকাৰী ধনৰ ওপৰত লুণ্ঠন চলায় । সেই কতৌ হোলা পুখুৰীয়ে মানৰ বৰ্বৰ আক্ৰমণৰ ভয়াবহতাৰ ছবিখন সোঁৱৰাই দিয়ে ।

সেই কতৌ হোলা পুখুৰীৰ কোনো সংৰক্ষণৰ ব্যৱস্থাই নকৰিলে ৰাজ্য চৰকাৰে । এই কতৌ হোলাৰ ইতিহাসৰ বিষয়ে ইতিপূৰ্বে বিশিষ্ট সাহিত্যিক প্ৰয়াত প্ৰদীপ শইকীয়া আৰু বিশিষ্ট গৱেষক ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান হাজৰিকাৰ লেখাত বহু তথ্য প্ৰকাশ পাইছে ।

Exit mobile version