কৰ’নাত আক্ৰান্ত জটিল ৰোগীৰ বাবে আই চি ইউকে ধৰি বিছনা প্ৰত্যেক দিনাই ৫০-৬০ খন খালি হৈ আছে : পীয়ুষ হাজৰিকা

Piyush Hazarika

ৰাজ্যত ক্ৰমে দ্ৰুতহাৰত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। কৰ’নাত আক্ৰান্ত হোৱা জটিল ৰোগীসকলৰ বাবে আই চি ইউ নাই বুলি কৰা অভিযোগক মিছা বুলি কৈ মৰিগাঁওত উপস্থিত হৈ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হস্পিতালত কৰ’নাত আক্ৰান্ত ৰোগীৰ বাবে প্ৰত্যেকদিনাই ৫০-৬০ খন বিছনা খালি হৈ আছে ।

ইয়াৰ উপৰিও পবিতৰা হাটত দিনৰ ভাগত অনুষ্ঠিত হোৱা মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আছুৰ নতুন ৰাজনৈতিক দলৰ সন্দৰ্ভত কয় যে, আছুৰ নেতৃত্বই দল খুলিব নে নুখুলে এতিয়াও ঠিৰাং কৰিব পৰা নাই। যদি আছুৱে ৰাজনৈতিক দল খোলে মোৰ লগতে বিজেপি দলে ভয় নকৰো। জনসাধাৰণ এতিয়াও বিজেপিৰ লগত আছে ।

ইপিনে, জাগীৰোড কাগজ কলৰ সন্দৰ্ভত প্ৰশ্নত কয় যে, কাগজকলটোৰ বাবে প্ৰতিদিনাই লাগি থকা হৈছে আৰু ইতিমধ্যে বহু উদ্যোগপতিয়ে আহি কাগজকলটো প্ৰত্যক্ষ কৰি গৈছে । কিন্তু কাৰিকৰী আৰু শ্ৰমিকে পাবলগীয়া বহু ধনৰাশিৰ বাবে কোনোৱে গাত পাতি ল’ব বিচৰা নাই। কিন্তু কাগজ কলৰ কৰ্মচাৰীসকলৰ বিপদৰ সময়ত সদায় তেওঁলোকৰ লগত আছো।

Exit mobile version