গুৱাহাটীৰ গড়চুক বজাৰৰ পাচলি ছিণ্ডিকেট উৎখাতৰ দাবী ক্ষুদ্ৰ কৃষক-ব্যৱসায়ীৰ

141969 vegetable prices

তলাবন্ধই জুৰুলা কৰা দৰঙৰ কৃষক সকলক এইবাৰ মাধমাৰ সোধাইছে গুৱাহাটীৰ পাচলি বজাৰত আবিৰ্ভাৱ ঘটা পাচলিৰ ছিণ্ডিকেট চক্ৰই । অভিযোগ মতে, এই ছিন্ডিকেট চক্ৰটোৰ দৌৰাত্ম্যৰ বাবেই প্ৰসিদ্ধ দৰঙৰ ক্ষুদ্ৰ পাচলি উৎপাদক সকলে যোৱা দুদিন ধৰি গুৱাহাটীৰ গড়চুক বজাৰত পাচলি বিক্ৰী কৰিবলৈ যোৱাৰ পৰা বিৰত আছে ।

ছিণ্ডিকেট চক্ৰৰ একাধিক সদস্যৰ দুৰ্ব্যৱহাৰ আৰু ধমকিৰ বাবে দুদিন ধৰি উক্ত বজাৰলৈ পাচলি যোগান বন্ধ ৰাখিছে খাৰুপেটীয়াৰ বালুগাঁও, ফকিৰপাৰা আৰু বেছিমাৰী অঞ্চলৰ ক্ষুদ্ৰ কৃষক আৰু ব্যৱসায়ী সকলে । ফলত স্থানীয় বজাৰত উৎপাদিত পাচলিৰ পাইকাৰী মূল্য আধাতকৈয়ো অধিক হ্ৰাস পোৱাত খেতিয়কৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ।

ইফালে,গুৱাহাটীৰ গড়চুকৰ (পামহি ) পাচলি বজাৰৰ ছিণ্ডিকেট চক্ৰ বন্ধ কৰি গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ ভাৱে বেচা কিনাৰ ব্যৱস্থা কৰাৰ দাবীত আজি খাৰুপেটীয়াৰ বালুগাঁও আৰু বেছিমাৰীৰ পাচলিৰ পাইকাৰী বজাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ৰ কৃষক- ব্যৱসায়ী সকলে । উল্লেখ্য যে, কিছুদিনৰ পৰা গড়চুকৰ উক্ত বজাৰত গঢ়লৈ উঠা ছিণ্ডিকেট চক্ৰই পাচলি উৎপাদক সকলক এই কামত বাধা প্ৰদান কৰি অহাত এইসকল ক্ষুদ্ৰ কৃষক বিপদৰ সন্মুখীন হৈছে ।

ফলত তেওঁ লোকে যোৱা দুদিন ধৰি গুৱাহাটীৰ উক্ত বজাৰ খনলৈ পাচলি পঠিওৱা বন্ধ ৰখাত স্থানীয় বজাৰত পাচলিৰ মূল্য তেনেই কমিছে । কেইদিনমানৰ পূৰ্বে খাৰুপেটীয়াৰ বালুগাঁও , ফকিৰপাৰা, বেছিমাৰী বজাৰত বিক্ৰী কৰি খেতিয়কে প্ৰতি কিলোত ২०/২৫ টকাকৈ পোৱা পাচলি এতিয়া আধাতকৈয়ো কম দৰত বিক্ৰী কৰিবলগীয়া হোৱাত কৃষক সকলৰ বাৰুকৈয়ে লোকচান হৈছে ।

ইফালে, পাচলিক লৈ আজি একেই পৰিৱেশ দেখা গল বেছিমাৰিতো । বেছিমাৰি বজাৰতো আজি ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ৰ কৃষক আৰু ব্যৱসায়ী সকলে । প্ৰতিবাদকাৰী সকলৰ অভিযোগ যে, মাছখোৱাৰ পৰা গড়চুকলৈ পাচলি বজাৰ স্থানান্তৰ কৰাৰ পিছত কে’বা বছৰ ধৰি তেওঁলোকে ঠিকমতেই পাচলি বিক্ৰী কৰিব পাৰিছিল। পাচলি বিক্ৰীৰ নিৰ্দিষ্টকৈ স্থানো আছিল ।

কৰ’নাৰ বাবে অব্যাহত থকা তলাবন্ধৰ সময়ত কিছুদিন বজাৰ বন্ধ হৈ আছিল । কিন্তু তলাবন্ধ শিথিল হোৱাৰ পিছতেই পৰিস্থিতি সলনি হৈ পৰে । বৰ্তমান গড়চুকৰ পাচলি বজাৰত ছিণ্ডিকেটৰ সৃষ্টি হোৱাৰ অভিযোগ তুলি তেঁওলোকে কয়, এতিয়া আগৰদৰে গ্ৰাহকক প্ৰত্যক্ষ ভাৱে সামগ্ৰী বিক্ৰী কৰাত বাধা আৰোপ কৰা হৈছে ।

 তেওঁলোকে গড়চুকলৈ নিয়া পাচলি জাতীয় সামগ্ৰী বিক্ৰী কৰিবলৈ বজাৰত নিৰ্দিষ্ট ঠাই নিদিয়ে । বজাৰ খনৰ এজন বিষয়ববীয়াই পাচলি নিবহে পাৰিব কিন্তু নিজে বিক্ৰী কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়াত তেওঁলোকে অতি কমমূল্যত তেওঁলোকক চমজাই দিবলৈ বাধ্য হোৱা বুলিও অভিযোগ কৰে । ফলত তেওঁলোকে গুৱাহাটীৰ উক্ত বজাৰত পাচলি নিয়াটো বন্ধ কৰাত স্থানীয় বজাৰতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । সেয়ে এনে পৰিস্থিতি তাৎক্ষণিক ভাৱে আঁতৰাবলৈ প্ৰতিবাদকাৰী সকলে দাবী জনাইছে চৰকাৰক ।

Exit mobile version