চীনক যিকোনো প্ৰকাৰে প্ৰতিহত কৰিবলৈ আপোচ নকৰে ট্ৰাম্প প্ৰশাসনে

Donald Trump 4 20 REUTERS TT

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই মালদ্বীপৰ স’তে এখন বিশেষ চুক্তি স্বাক্ষৰিত কৰে ৷ ভাৰত মহাসাগৰত চীনৰ শক্তি প্ৰতিহত কৰিবলৈ মালদ্বীপৰ সৈতে এক গুৰুত্বপূৰ্ণ সামৰিক চুক্তি সম্পাদন কৰে আমেৰিকাই । ভাৰত মহাসাগৰীয় অঞ্চলৰ শান্তি আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমেৰিকা মালদ্বীপৰ সৈতে এই চুক্তি সম্পন্ন কৰিছে ৷

আনহাতে পূৰ্বৰে পৰা চীনে মালদ্বীপৰ সৈতে সামৰিক চুক্তি সম্পাদন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও আমেৰিকাই মালদ্বীপৰ সৈতে আগতীয়াকৈ চুক্তি সম্পন্ন কৰে । আনহাতে চীনে সম্প্ৰতি দেশখনত নৌ সেনাৰ শক্তি বৃদ্ধি কৰিছে  ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই চীনক প্ৰতিহত কৰিবলৈ অচিৰেই মালদ্বীপৰ লগত চুক্তি সম্পাদন কৰে ।

উল্লেখযোগ্য যে চীনৰ পৰা কৰ’না ভাইৰাছৰ উৎপত্তি হোৱাক লৈ সততে দেশখনৰ ওপৰত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আপোচ নকৰে ট্ৰাম্প চৰকাৰে ৷ শেহতীয়াকৈ চীনৰ ১ হাজাৰ গৱেষক ছাত্ৰৰ ভিছা বাতিল কৰিছিল আমেৰিকাই । লগতে ভাৰত-চীন সীমান্ত বিবাদৰ সন্দৰ্ভতো আমেৰিকাই ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

Exit mobile version