জম্মু-কাশ্মীৰত সন্ধান পোৱা গ’ল এক কোটি ৩০ লাখ বছৰ পুৰণি এপৰ জীৱাশ্মৰ

cranium australopithecus sediba custom 2682e844eda5fa4898f9b469596213c701d917ae s800 c85

The fossil of Australopithecus sediba could be the long-sought transition between ape-like ancestors and the first humans. "It shows a small brain, but a brain that's beginning to reorganize in some ways that resemble our brain," says anthropologist Lee Berger.

ভাৰতবর্ষত নতুন প্ৰজাতিৰ ‘এপ’ৰ সন্ধান লাভ কৰিছে পুৰাতত্ত্ববিদসকলে ।প্ৰায় এক কোটি ৩০লাখ বছৰ পুৰণি এপৰ জীৱাশ্ম জম্মু-কাশ্মীৰত উদ্ধাৰ হৈছে । ‘ৰয়েল ছ’চাইটি বি’ৰ জাৰ্ণেলত এই দাবী কৰিছে পুৰাতত্ত্ববিদসকলে। জাৰ্ণেলখনত উল্লেখ কৰা অনুসৰি উধমপুৰ জিলাৰ ৰামনগৰ অঞ্চলত কিছু পুৰণি সামগ্ৰী লাভ কৰাৰ খবৰ পাইছিল বিজ্ঞানীসকলে ।

এই খবৰৰ ভিত্তিতে জম্মু-কাশ্মীৰলৈ গৈছিল পুৰাতত্ত্ববিদৰ এটি দল । দলটোত আমেৰিকাৰ এৰিজোনা বিশ্ববিদ্যালয় আৰু পাঞ্জাব বিশ্ববিদ্যালয়ৰ পুৰাতত্ত বিভাগৰ গৱেষক আছিল । চলিত বৰ্ষৰ আৰম্ভণিৰ সময়ত এই দলটো স্থানীয় এখন পাহাৰলৈ গৈছিল ।

তাতেই আৱৰ্জনাৰ মাজত এটি উজ্জ্বল সামগ্ৰী চকুত পৰে দলটোৰ । ওচৰলৈ যোৱাৰ পাছত দেখা গ’ল যে উজ্জ্বল সামগ্ৰীটো প্ৰকৃততে এটি দাঁত । লগে লগে দাঁতটো সংগ্ৰহ কৰি লৈ আহে গৱেষকসকলে । ইয়াৰ পূৰ্বেও জাপ মৰা সন্ধান লাভ কৰিছে গৱেষকসকলে ।

অৱশ্যে গৱেষকসকলে দাবী কৰা অনুসৰি সংগ্ৰহ কৰা দাঁতটো পূৰ্বতকৈ সম্পূৰ্ণ পৃথক । অনুমান কৰা মতে, সুদূৰ আফ্ৰিকা অথবা এছিয়াৰ কোনো স্থানৰ পৰা দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰি প্ৰাণীটো জম্মু-কাশ্মীৰলৈ আহিছিল ।প্ৰাথমিক পৰীক্ষাৰ অন্তত গৱেষকসকলৰ একাংশই ধাৰণা কৰা অনুসৰি দাঁতটো কোনো বান্দৰৰ হ’ব পাৰে ।

দাঁতটো উল্লুখ প্ৰজাতিৰ পূৰ্বপুৰুষৰো হ’ব পাৰে । ৰামনগৰৰ বৃহত্তৰ অঞ্চলটোত ইয়াৰ পূৰ্বে এনে ধৰণৰ সামগ্ৰীৰ সন্ধান লাভ কৰা হোৱা নাছিল।নতুন প্ৰাপ্তিত উৎসাহিত হৈ পৰিছে গৱেষকসকল । ইমান পুৰণি প্ৰজাতিৰ এপ গৱেষকৰ দলটোৱে ইয়াৰ পূৰ্বে দেখা নাছিল । জীৱাশ্মটো অধিক সূক্ষ্মভাৱে পৰীক্ষা কৰিবলৈ স্থিৰ কৰা হৈছে । যাৰ দ্বাৰা জানিবলৈ চেষ্টা কৰা হ’ব কোটি বছৰ পূৰ্বৰ কাহিনীৰ ।

Exit mobile version