পাঁচ কোটি টকা উৎকোচ লোৱাৰ অভিযোগত GST ৰ দুই শীৰ্ষ বিষয়াৰ বিৰুদ্ধে CBI গোচৰ

rupeenew1 kPaC

এক বিশেষ সূত্ৰ অনুসৰি পাঁচ কোটি টকা উৎকোচ লোৱাৰ সন্দৰ্ভত GST ৰ দুজন শীৰ্ষ বিষয়াৰ বিৰুদ্ধে চিবিআইয়ে গোচৰ দাখিল কৰিছে । GST বিভাগৰ প্ৰাক্তন বিষয়া সুধা ৰানী চিলাকা আৰু শ্ৰীনিবাসা গান্ধী ব’ল্লিনেনিয়ে ২০১৯ ৰ ১৫ এপ্ৰিলত কৰ আদায়ৰ ক্ষেত্ৰত কৰা মিলামিছাৰ কাৰণে ১০ লাখ টকা উৎকোচ হিচাপে লৈছিল । প্ৰায় ১১ মাহৰ তদন্তৰ পাছত চিবিআইৰ হাতত GST ৰ বিষয়া কেইজনৰ সন্দৰ্ভত উপযুক্ত প্ৰমাণ লাভ কৰে ।

আনহাতে, এই বিষয়াকেইজনৰ সন্দৰ্ভত তদন্ত কৰিবলৈ চিবিআইয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ পৰা অনুমতি বিচাৰে । ইপিনে Enforcement directorate য়ে ব’ল্লিনেনি গান্ধীৰ সন্দৰ্ভত ১০০ কোটি টকাৰ হৰলুকি কৰাৰ তদন্ত কৰি আছে ৷ ইয়াৰোপৰি ২০১৯ ত ব’ল্লিনেনি গান্ধী আৰু তেওঁৰ পত্নী ওপৰত তিনিকোটি টকাৰ সম্পত্তি থকাৰো অভিযোগ উঠিছিল।

Exit mobile version