প্ৰসংগঃ কৰ’না ভাইৰাছ

c2a2f65718375a6a9b90cefaa5ebbbe4

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই আজি এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কৰ’না মহামাৰীৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে ।

কৰ’নাত আক্ৰান্তৰ ভিতৰত শীৰ্ষত থকা ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই কয় যে অনাগত দিনত ৰাজ্যখনৰ পৰিস্থিতি ভয়াৱহ হ’ব পাৰে । অৱশ্যে মুখ্যমন্ত্ৰী থাকৰেই লগতে কয় যে তেওঁৰ চৰকাৰে মহামাৰীৰ লগত যুঁজ দিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে মহাৰাষ্ট্ৰত প্ৰতিদিনে ২০ হাজাৰতকৈও অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে । আৰু কৰ’না সংক্ৰমণ হোৱা লোকৰ সংখ্যাই ১০ লাখ অতিক্ৰম কৰিছে । আনহাতে কৰ’নাত ৰাজ্যখনৰ প্ৰায় ২৯ হাজাৰ লোকৰ মৃত্যু হৈছে ।

কৰ’না প্ৰতিৰোধৰ কাৰণে লোৱা নিয়মসমূহৰ সন্দৰ্ভত উদ্ধৱ থাকৰেই কয় “ৰাজ্য চৰকাৰে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ কাৰণে কঠোৰভাৱে নীতি-নিয়ম পালন কৰিব ৷ লগতে ৰাজ্য চৰকাৰে ক’ভিড-১৯ৰ নিয়ম ভংগ কৰা লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব । গতিকে জনসাধাৰণে নিজৰ দায়িত্বৰ লগতে নিয়মসমূহৰো পালন কৰিব পাৰে ।”

ইপিনে মুখ্যমন্ত্ৰী থাকৰেই মাৰাঠী সম্প্ৰদায়ৰ লোকসকলক কৰ’নাৰ সময়ত কোনো ধৰণৰ ধৰ্ণা, প্ৰতিবাদ নকৰিবলৈ আহ্বান কৰে । আনহাতে আজি কৰ’না সন্দৰ্ভত জনসাধাৰণক সম্বোধিত কৰা ভিডিঅ’ কনফাৰেন্সত থাকৰেই মহাৰাষ্ট্ৰত চলি থকা কংগনা ৰানাউটৰ বিবাদ সম্পৰ্কটো মত ব্যক্ত কৰে ।

মুখ্যমন্ত্ৰী থাকৰেই কয় “মই নীৰৱতাক দুৰ্বলতা বুলি ভাবিব নালাগে ৷” লগতে কয় ৰাজ্যখনত চলি থকা ৰাজনীতিৰ সন্দৰ্ভত তেওঁ এতিয়া নহয় পিছত ক’ব। গতিকে কংগনা আৰু উদ্ধৱ থাকৰেই বিবাদ কোন দিশে গতি কৰে সেয়াহে হ’ব লক্ষ্যণীয় ৷

Exit mobile version