বাক স্বাধীনতা চৰ্তহীন, চৰম নহয়ঃ বোম্বে উচ্চ ন্যায়ালয়

bombay high court 1 min

দেশৰ সংবিধান প্ৰদত্ত বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা চৰ্তহীন অথবা চৰম স্বাধীনতা নহয় ৷ এই দৰে কয় বোম্বে উচ্চ ন্যায়ালয়ে ৷ ভাৰতীয় সংবিধানৰ ১৯ নম্বৰ অনুচ্ছেদত থকা এই স্বাধীনতাৰ অধিকাৰ সাংবিধানিক মাপকাঠিত বিচাৰযোগ্য বুলি মন্তব্য কৰে ন্যায়াধীশ এছ এছ শিণ্ডে আৰু ন্যায়াধীশ এম এছ কৰ্ণিকৰ যুটীয়া বিচাৰপীঠে ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু তেওঁৰ পুত্ৰ তথা মন্ত্ৰী আদিত্যৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কুৰুচিপূৰ্ণ মন্তব্য কৰাৰ অভিযোগত পালঘৰ জিলাৰ এগৰাকী মহিলাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰজু কৰে । ইয়াৰ বিৰুদ্ধে সুৰক্ষা বিচাৰি গ্ৰেপ্তাৰ এৰাই চলিবলৈ মহিলাগৰাকী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও দুই ন্যায়াধীশৰ বিচাৰপীঠে ইয়াক খাৰিজ কৰে । নিম্ন আদালতত তদন্তৰ সহযোগিতাৰ প্ৰতিশ্ৰুতি দি জামিন লাভ কৰিলেও সেয়া তেওঁ পালন কৰা নাই বুলি আৰক্ষীয়ে অভিযোগ কৰে ৷

ইপিনে,ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ আশ্বাস দিয়ে যে সুনয়না হ’লেই নামৰ মহিলাগৰাকীয়ে মুম্বাই আৰু পালঘৰ জিলাৰ আজাদ ময়দান আৰু টুলিঞ্জ আৰক্ষী থানালৈ সোধ-পোছৰ সন্মুখীন হ’বলৈ তথা তদন্তত আৰক্ষীক সহযোগৰ বাবে আহিব লাগিব ৷ আৰক্ষীয়ে পক্ষপাতমূলক আচৰণ কৰিলে অভিযুক্ত মহিলাগৰাকী পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব বুলিও দলীয় বিচাৰপীঠে কয় ।

Exit mobile version