বান্দৰৰ শৰীৰত ক’ভাক্সিনৰ পৰীক্ষা সফলঃ ভাৰত বায়’টেক

swarajya 2020 07 92c7fb0f 2142 423d a4eb

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)আৰু পুনেৰ ভাৰত বায়’টেক ইন্টাৰনেচনেল যুটীয়াভাৱে প্ৰস্তুত কৰা ক’ভাক্সিনে অন্যান্য স্ত্যনপায়ী জন্তুৰ শৰীৰত কিমান ফলদায়ক হ’ব তাকে লৈ পৰীক্ষামূলক প্ৰয়োগ অব্যাহত আছে । প্ৰথম পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত বৃহৎ সাফল্য লাভ কৰিছে বুলি তথ্য সদৰী কৰে কোম্পানীটোৱে ৷

ভাৰত বায়’টেকে ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ভাক্সিনে বান্দৰৰ শৰীৰৰ ওপৰত প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে । এই প্ৰতিৰোধ ক্ষমতা অতি শক্তিশালী বুলিও কোৱা হৈছে ৷ ইয়াৰ দ্বাৰা সংক্ৰমণ আৰু ৰোগ দুয়োটাই ৰোধ হ’ব ।

তথ্য অনুসৰি ৰিচাছ মাকাও বান্দৰক চাৰিটা ভাগত বিভক্ত কৰি প্ৰতিষেধক দিয়া হৈছিল ৷ তাৰ আশাপ্ৰদ ফল পোৱা গৈছে । এইদৰে তথ্য সদৰী কৰে গৱেষণাৰ স’তে যুক্ত বিপিন এম নামৰ বিজন’ৰৰ এজন চিকিৎসকে ৷

তেওঁ টুইট কৰে “ক’ভাক্সিনে মাকাওৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে।” ভাৰত বায়’টেকে কয় “এটা গোটৰ ওপৰত প্লেচিব” দিয়া হৈছিল ৷ দ্বিতীয়টো ড’জৰ পাছতে ফলাফল লাভ কৰে বুলিও কোম্পানীটোৱে কয় ৷ বান্দৰৰ শৰীৰত প্ৰতিৰোধ গঢ়ি তোলে পৰীক্ষামূলক প্ৰয়োগে ৷

তদুপৰি কৰ’নাৰ এন্টিব’ডি সৃষ্টি হোৱাৰ লগতে বান্দৰবোৰৰ শৰীৰত নিউম’নিয়াৰ কোনো লক্ষণ নাছিল । যোৱা জুলাইৰ পৰা ভাৰত বায়’টেকে পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ কৰিছে ৷ মানুহৰ শৰীৰত এই পৰীক্ষা চলি আছে । দেশজুৰি ১২ টা কেন্দ্ৰত চলিছে এই পৰীক্ষা।

Exit mobile version