মৃত্যুক যেন হাত বাউলি দি মাতে অভিশপ্ত কাকচাঙ জলপ্ৰপাতে

maxresdefault 2

অভিশপ্ত হৈ পৰিছে কাৰ্বিআংলং জিলাৰ কাকচাং জলপ্ৰপাত । মৃত্যুক যেন এতিয়া হাত বাউলি দি মাতে অতি দুৰ্গম পাহাৰীয়া অঞ্চলত থকা এই জলপ্ৰপাতটোৱে । অৱসৰ বিনোদনৰ বাবে যোৱা জলপ্ৰপাতটোত দুৰ্ঘটনাত পতিত হৈ এতিয়ালৈকে বহুজনে কৰুণ মৃত্যুক আকোৱালি লৈছে । এনে ঘটনা সমূহৰ পাছত যোৱা ৬ ছেপ্তেম্বৰত মৃত্যুৱে যেন কাকচাঙলৈ হাত বাউলি দি মাতিছিল গোলাঘাট নগৰৰ প্ৰতিভাৱান দুই তেজাল যুৱকক ।

K

অৱশ্যে কাৰ্বি আংলং জিলাৰ কাকচাং জলপ্ৰপাতত যোৱা ৬ ছেপ্তেম্বৰত অকাল মৃত্যুক আকোৱালি লোৱা গোলাঘাট নগৰৰ সুদীপ বক্সী আৰু বিভাকৰ নাগ নামৰ দুই যুৱকৰ কৰুণ ঘটনাই ক্ৰমাৎ ৰহস্যৰ আৱৰ্তলৈ গতি কৰিছে । গোলাঘাট নগৰৰ টোকানী চাৰ্কোলৰ সমীপৰ ১৬ বছৰীয়া প্ৰয়াত সুদীপ বক্সীৰ দুৰ্ভগীয়া মাতৃ মন্দিৰা বক্সীয়ে উক্ত ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰয়াস কৰিছে ।

এই সন্দৰ্ভত তেওঁ দলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি প্ৰকৃত সত্য উদঘাটনৰ বাবে কাতৰ আহ্বান জনাইছে । একমাত্ৰ পুত্ৰ সুদীপক আকস্মিকভাৱে চিৰ দিনৰ বাবে হেৰুৱাই পৰিয়ালটোৱে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে । মাতৃ আৰু জ্যেষ্ঠ ভগ্নীয়ে ৰহস্যৰ গোন্ধ পাইছে ৬ ছেপ্তেম্বৰৰ ঘটনাৰ ।

উল্লেখ্য যে, যোৱা ৬ ছেপ্তেম্বৰত গোলাঘাট নগৰৰ সুমিত সৰকাৰ, ৰাজু ঘোষ, আয়ুস ধৰ, কোনাল দে, অভিষেক ঘোষ, সূভম পালসহ সুদীপ বক্সী আৰু প্ৰয়াত বিভাকৰ নাগ মটৰ চাইকেলেৰে কাৰ্বি আংলং জিলাৰ কাকচাং জলপ্ৰপাতলৈ গৈছিল যদিও অতি কৰুণভাৱে দলটোৰ সুদীপ, বিভাকৰৰ ঘূৰি আহিছিল নিঠৰ দেহহে । দুৰ্গম অঞ্চলটোত থকা কাকচাং জলপ্ৰপাত ৰাইজৰ বাবে বন্ধ কৰি ৰখা হৈছিল যদিও দলটো উক্ত দিনা উপস্থিত হোৱাৰ পাচত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো ।

জলপ্ৰপাতত গা ধুই থকা আৱস্থাত পানীৰ প্ৰৱল সোঁতে দুই যুৱকক উটুৱাই নিয়া বুলি দলটোত থকা যুৱকসকলে প্ৰকাশ কৰে । কিন্তু উক্ত দিনা এনে দুৰ্ঘটনাৰ বাবে পৰিয়ালক কোনো কথাই জনোৱা নাছিল লগত যোৱা যুৱকৰ দলটোৱে । ৭ ছেপ্তেম্বৰত এচ.ডি.আৰ.এফে কাকচাঙৰ নদীৰ বুকুৰ পৰা সুদীপ বক্সী(১৬) আৰু বিভাকৰ নাগ(১৯) ৰ মৃতদেহ উদ্ধাৰ কৰে ।

অৱশ্যে প্ৰয়াত সুদীপৰ পৰিয়ালে ই এক দুৰ্ঘটনা বুলি মানি ল’ব পৰা নাই । বুকু শুদা কৰি গুছি যোৱা একমাত্ৰ পুত্ৰৰ দুখত ভাগি পৰা দুৰ্ভগীয়া মাতৃয়ে আজি উচ্চ পৰ্যায়ৰ তদন্তৰে প্ৰকৃত সত্য উদঘাটন কৰাৰ আহ্বান জনায় । উল্লেখ্য যে, সুদীপ আৰু বিভাকৰ আছিল পৰিয়াল দুটাৰ একমাত্ৰ পুত্ৰ সন্তান ।

উল্লেখ্য যে, ৰাজ্যখনৰ ক্ৰিকেটৰ ক্ষেত্ৰখনত খুউব কম সময়ৰ ভিতৰতে দক্ষতাৰ পৰিচয় দি ১৭ আৰু ১৯ বছৰ অনুৰ্ধৰ ৰাজ্যিক ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল প্ৰয়াত বিভাকৰ নাগে । বিচিচিআই পৰ্যায়ৰ বহুকেইটা প্ৰশিক্ষণ শিবিৰত বিভাকৰ নাগে অংশগ্ৰহণ কৰাৰ উপৰি আগশাৰীৰ পেচাদাৰী প্ৰতিষ্ঠানত ক্ৰিকেটৰ বাবে আমন্ত্ৰণো লাভ কৰিছিল । এগৰাকী সুদক্ষ বলাৰ হিচাপে পাৰদৰ্শিতা লাভ কৰা বিভাকৰ নাগে অসমৰ হৈ ২০১৯-২০ বৰ্ষৰ কোচ বিহাৰ ট্ৰফীত অংশগ্ৰহণ কৰি ২০ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ।

ইয়াৰ উপৰিও, বিভাকৰে বিশ্বখ্যাত MRF Pace Foundationলৈ প্ৰশিক্ষণৰ বাবেও আমন্ত্ৰণ লাভ কৰিছিল । অসম ক্ৰিকেট সন্থাৰ নিয়মীয়া খেলুৱৈৰূপে গোলাঘাটৰ যুৱকজনে স্থান দখল কৰিবলৈ সক্ষম হৈছিল । প্ৰয়াত সুদীপ বক্সীও আছিল প্ৰতিভাশালী আৰু সকলোৰে মাজত জনপ্ৰিয় । একমাত্ৰ পুত্ৰ সন্তানক লৈ অযুত সপোন দেখা দুৰ্ভগীয়া পৰিয়াল দুটাৰ নিমিষতে যেন ছাৰখাৰ হৈ পৰিল সকলো ।

প্ৰকৃততে যোৱা ৬ ছেপ্তেম্বৰত কি হৈছিল কাকচাঙত ? কি পৰিস্থিতিত কেনেদৰে প্ৰাণ দিবলগীয়া হ’ল সুদীপ,বিভাকৰে । সম্পূৰ্ণ আন্ধাৰত পৰিয়াল দুটা । সেয়েহে আজি এক সংবাদমেলযোগে প্ৰকৃত সত্য উদঘাটন কৰাৰ বাবে উপযুক্ত তদন্ত বিচাৰিছে প্ৰয়াত সুদীপ বক্সীৰ মাতৃ মন্দিৰা বক্সীয়ে ।

Exit mobile version