ৰাজনৈতিক মেৰপাকত কংগনা ৰানাউট

kangana 2

শিৱসেনা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ বিবাদৰ মাজতে কংগনা ৰানাউটে কৰা এটা টুইটক লৈ সকলোৰে মনত প্ৰশ্ন হৈছে যে সাম্প্ৰতিক পৰিস্থিতিত ভাগি পৰিছে নেকি অভিনেত্ৰীগৰাকী ?

ভাৰাক্ৰান্ত মনৰে কংগনাই টুইটটোত লিখিছে “এই অৰাজকতাৰ মাজত মোৰ বহুবাৰ অনুভৱ হয়, যেন মই এই পৰিস্থিতিৰ ফলত প্ৰভাৱিত হৈছো । মই ক’ত আছো? মই নিজেই নাজানো  ৷ জীৱনত মোৰ সন্মুখলৈ বহু প্ৰত্যাহ্বান আহে আৰু মই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ চেষ্টা কৰো ৷ মই মোৰ সকলো দি দিও ৷ কিন্তু অৰাজকতাই মোক পুনৰ আগুৰি লয় ৷”

কংগনাৰ এই টুইটটোৰ পৰা সকলোৱে অনুমান কৰিছে যে অভিনেত্ৰীগৰাকীৰ জীৱনত সাম্প্ৰতিক সময়ত হোৱা বিবাদে যথেষ্ট প্ৰভাৱ পেলাইছে । উল্লেখযোগ্য যে বিগত সময়ত কংগনাই মায়ানগৰী মুম্বাইৰ তুলনা পাকিস্তানৰ লগত কৰিছিল । ইয়াৰ পিছত BMCয়ে শিৱসেনাৰ ইংগিতত কংগনাৰ কাৰ্যালয়ত উচ্ছেদ চলায় ।

অৱশ্যে পাছত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত BMCয়ে এই উচ্ছেদ স্থগিত ৰাখে । ইয়াৰ পাছতেই কংগনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কটু মন্তব্যৰে সমালোচনা কৰে । ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে কংগনাক মাদক দ্ৰব্য সেৱনৰ সন্দৰ্ভত জেৰা কৰাৰ পণ লৈছে । তাৰ মাজতে অধ্যয়ন সুমনৰ লগত প্ৰেমৰ সম্পৰ্কত থাকোতে কংগনাৰ মাদক দ্ৰব্য সন্দৰ্ভত কৰা কংগনাৰ এটা পুৰণি ভিডিঅ’ ভাইৰেল হৈ পৰিছে ।

ইপিনে NCBয়ে ৰিয়া চক্ৰৱৰ্তীৰ ভাষ্য অনুসৰি বলীউডত মাদক দ্ৰব্য সেৱন কৰা বহু ৰথী মহাৰথীৰ তালিকা প্ৰস্তুত কৰিছে । ইয়াৰ ভিতৰত আছে ছাৰা আলি খান, ৰকুল প্ৰীত সিং আদিৰ লগতে বহুতো ।

মাদক দ্ৰব্যৰ সেৱনৰ সন্দৰ্ভত অনতিপলমে জেৰাৰ সন্মুখীন হ’ব কংগনা । গতিকে কংগনাই শেহতীয়াকৈ কৰা টুইটে প্ৰমাণ কৰে যে অভিনেত্ৰীগৰাকীয়ে সম্প্ৰতি নিজৰ কোনো স্থিতি বিচাৰি পোৱা নাই।

Exit mobile version