গোৱাৰ হোটেলৰ পৰা জুৱা খেলত জড়িত ৪২ জন পৰ্যটকক গ্ৰেপ্তাৰ

blue light 1675686 1280

গোৱাৰ আৰক্ষীয়ে পানাজীৰ Calanguteৰ এখন গাঁৱৰ পৰা জুৱা খেলৰ অপৰাধত ৪২ জন পৰ্যটকক গ্ৰেপ্তাৰ কৰে। জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে ১০ লাখ টকা, ৫৭ টা মোবাইলৰ লগতে অন্যান্য বহু সামগ্ৰী উদ্ধাৰ কৰে ।

আৰক্ষীৰ এক বিশেষ সূত্ৰৰ মতে শনিবাৰ নিশাৰ ভাগত গোপন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি গোৱাৰ এখন হোটলৰ পৰা গ্ৰেপ্তাৰ কৰে পৰ্যটককেইজনক। হোটেলখনৰ পঞ্চম মহলাত থকা পৰ্যটককেইজন গুজৰাট,মহাৰাষ্ট্ৰ আৰু নতুন দিল্লীৰ ।

পৰ্যটককেইজনক গোৱা, দমন আৰু দিউৰ জুৱা আইনৰ অধীনত গোচৰ ৰজু কৰা হৈছে । লগতে তেওঁলোকৰ হোটেল লাইচেন্স বাতিল কৰিবলৈ পৰ্যটন বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ কথাও সদৰী কৰে বিভাগীয় কৰ্তৃপক্ষই ।

Exit mobile version