অনিৰ্দ্দিষ্ট কাললৈ বাঁহ বান্ধি ৰাইজে বন্ধ কৰিলে আন্ত:ৰাজ্যিক ঐতিহাসিক ৰমণী আলি

IMG 20200914 WA0022

কেন্দ্ৰীয় চৰকাৰে নাজিৰা মহকুমাৰ শিমলুগুৰি-নাগালেণ্ড সংযোগী আন্ত:ৰাজ্যিক পথৰূপে চিহ্নিত কৰি ঐতিহাসিক ৰমণী আলী পুনৰ নিৰ্মাণৰ কথা আওৰাই আছে যদিও কাৰ্যক্ষেত্ৰত ইয়াৰ বিপৰীত ছবিহে পৰিস্ফুট হৈ আহিছে ।

সম্প্ৰতি পথটোৰ শিমলুগুৰিৰ পৰা চণ্টক পাঁচআলিলৈকৈ কিছু অংশ বিগত বৰ্ষত মেৰামতি কৰিলে যদিও অতি নিম্ন মানদণ্ডৰে মেৰামতি কৰাত এবছৰ নহঁওতেই পথছোৱা পুনৰ বিধ্বস্ত হৈ পৰিছে যদিও বিভাগীয় বৰমূৰীয়া আৰু সংশ্লিষ্ট ঠিকাদাৰে চকু দিবলৈও আহৰি পোৱা নাই ।

আনহাতে পথটোৰ চণ্টক পাঁচআলিৰ পৰা শৈলনগৰী বিহুবৰৰ মাজেৰে নগালেণ্ডলৈ যোৱা ঐতিহাসিক ৰমণী আলি অংশ প্ৰকৃততে এটা চৰকাৰী তথা ৰাজপথ নে চৰকাৰী বিভাগৰ মীন পাম সেইটো পথেদি যাতায়ত কৰা ভোক্তভোগী জনগণ আৰু বৈধ-অবৈধ ভাৱে নিতৌ শ শ শিল, কয়লা পৰিবহন কৰা ট্ৰাক চালক সকলেহে অনুভৱ কৰে ।

বিহুবৰ শৈল নগৰিৰ লগতে নগালেণ্ডৰ পৰা শিল, কয়লা পৰিবহণ কৰি চৰকাৰ, আৰক্ষী , বন বিভাগৰ বৰমূৰীয়া আৰু ছিণ্ডিকেট বাহিনীৰ লাভাম্বিত হোৱাৰ বাহিৰে পথটো পুনৰ নিৰ্মাণ কৰি জনগণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গান্ধাৰীৰ ভূমিকাহে পালন কৰি আহিছে । পথটো পুনৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজৰ লগতে বিভিন্ন সংগঠনে বাৰম্বাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিভাগ আৰু চৰকাৰক আবেদন-নিবেদন কৰি অহাৰ পিছতো কোনো সহাৰি পোৱা নাই জনগণে ।

যাৰ বাবে আজি স্থানীয় ৰাইজে পথটো পুনৰ নিৰ্মাণৰ দাবীত চৰম পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় । স্থানীয় ৰাইজে বিহুবৰ শৈল নগৰীৰ অতি বিধ্বস্ত অংশত বাহৰ লাঙ মাৰি অনিৰ্দ্দিষ্ট কাললৈ শিল, কয়লা পৰিবহণৰ লগতে নগালেণ্ডলৈ যাতায়তৰ ব্যৱস্থা বন্ধ কৰে । ইয়াৰ ফলত সম্প্ৰতি চৰকাৰৰ ৰাজহৰ উপৰি ছিণ্ডিকেট বাহিনীৰ কমিছন আৰু অসম-নাগালেণ্ডৰ ব্যৱসায়-বাণিজ্য তথা যাতায়ত বিচ্ছিন্ন হৈ পৰিছে ।

Exit mobile version