অনুস্কা শৰ্মাৰ প’ষ্টত কৰীনাৰ কমেন্ট

78103522

শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী অনুস্কা শৰ্মাই ছ’চিয়েল মিডিয়াত Baby Bump ৰ সৈতে এখন ফ’টো শ্বেয়াৰ কৰিছে । অভিনেত্ৰীগৰাকীৰ স্বামীয়ে ফ’টোখনত কমেন্ট কৰিছে যে “মোৰ সমগ্ৰ পৃথিৱীখন মাত্ৰ এখন ফ’টোত “(My Whole world in one Frame) ৷

আনহাতে অনুস্কাৰ এই ফ’টোখনত বলীউডৰ বহু চেলিব্ৰেটীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কমেন্টো কৰিছে । ইপিনে অনুস্কাক ফ’টোখনত সাগৰৰ তীৰত ৰৈ থকা দেখিবলৈ পোৱা গৈছে । বগা টপ আৰু নীলা পেন্ট পৰিধান কৰি উঠা ফ’টোত অনুস্কাই লিখিছে, “তোমাতকৈ আৰু প্ৰকৃত অভিজ্ঞতা আৰু একোই নাই ।”

ইয়াৰ পিছত বলীউডৰ অভিনেত্ৰী মৌনি ৰয়, শিল্পা চেট্টী, মুনাল ঠাকুৰৰ লগতে বলীউডৰ আন এগৰাকী কৰীনা কাপুৰ খানে মন্তব্য কৰে “সকলোতকৈ সাহসী” ৷

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বিৰাট কোহলী আৰু অনুস্কা শৰ্মাই ২০২১ৰ জানুৱাৰীত তেওঁলোকৰ মাজলৈ প্ৰথমটো সন্তান আহিব বুলি ছ’চিয়েল মিডিয়াত সদৰী কৰিছিল । ইপিনে বলীউডৰ আন এটা দম্পতী কৰীনা আৰু চেইফ আলী খানৰ মাজলৈও ফ্ৰেব্ৰুৱাৰীত দ্বিতীয়টো সন্তান আহিব বুলি ইতিমধ্যে সদৰী কৰিছে ৷

Exit mobile version