অভিনৱ পন্থাৰ মাজত বিদ্যালয় খুলিল ইৰানত

Screenshot 94

কৰ’নাৰ সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিব পৰাকৈ এক অভিনৱ পন্থা অৱলম্বন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । বিশেষকৈ বৰ্তমানৰ সংকটৰ সময়ত এই অভিনৱ পন্থাই শিশুসকলক সুৰক্ষিত কৰি ৰাখিবলৈ সম্পূৰ্ণভাৱে সক্ষম হৈছে । সমগ্ৰ বিশ্বত শিক্ষানুষ্ঠানবিলাক বন্ধ হৈ থকাৰ সময়তে এনে অভিনৱ সুৰক্ষা কবচ ইৰাণৰ কণ কণ শিক্ষাৰ্থীসকলৰ বাবে জনপ্রিয় হৈ পৰিছে ।ফলত শিক্ষানুষ্ঠান বিলাকত পুনৰ আৰম্ভ কৰিব পৰা হৈছে পাঠদান প্ৰক্ৰিয়া ।

কৰ’নাৰ সংক্ৰমণৰ সংকটময় পৰিস্থিতিৰ বাবে যোৱা প্ৰায় সাতমাহ ধৰি দেশখনৰ বিদ্যালয়বিলাক বন্ধ হৈ আছে । ইয়াৰ মাজতে সম্প্রতি বিদ্যালয়বিলাক পুনৰ মুকলি কৰা হৈছে । শ্ৰেণীকোঠাৰ মাজত প্ৰতিটো শিশুকে পৃথকে বহাৰ ব্যৱস্থা কৰি দিয়া হৈছে; কিন্তু অভিনৱ পন্থা হিচাপে প্ৰতিটো শিশুৱে বহা স্থানক একোটা স্বচ্ছ প্লাষ্টিকৰ সৰু আবেষ্টনীৰে আবৰি ৰখা হৈছে ।

যাৰ দ্বাৰা শিশুসকল পোনপটীয়াভাৱে কোনোজনৰে সংস্পৰ্শলৈ অহা নাই ।ফলত শিশু সকলে মাস্ক পৰিধান কৰি থকাৰো প্ৰয়োজন হোৱা নাই । শিক্ষক সকলেও নিশ্চিন্তমনে পাঠদান কৰি গৈছে শিশুসকলৰ মাজত । সামাজিক ব্যৱধানো সম্পূৰ্ণৰূপে মানি চলা হৈছে শ্ৰেণীকোঠাত । এনে এটি শ্ৰেণীকোঠাৰে এখন ছবি টুইটাৰত শ্বেয়াৰ কৰিছে ফাৰনাজ ফচিলি নামৰ এজন সাংবাদিকে ।

মুহূৰ্তৰ ভিতৰতে ছবিখন ভাইৰেল হৈ পৰাৰ লগত অভিনৱ শ্ৰেণীকোঠাটোও দেখিবলৈ পায় বৃহৎসংখ্যক লোকে । বহু স্থানত ভাৰ্চুৱেল ক্লাছৰ বাবে আন্তঃগাথঁনিৰো অভাৱ পৰিলক্ষিত হৈছে । ইৰানৰ বিদ্যালয়ৰ ছবিখনক লৈ ভাৰততো চৰ্চা হৈছে । বহু অভিভাৱকে শিশুসকলক মাস্ক পৰিধান নকৰোৱাক লৈ প্ৰশ্নৰো উত্থাপন কৰিছে । অৱশ্যে ইৰানৰ এই অভিনৱ পন্থাক বিভিন্ন জনে ছ’চিয়েল মিডিয়াত প্ৰশংসাৰে উপচাই দিছে ।

Exit mobile version