ইতিহাসত প্ৰথমবাৰৰ বাবে মাস্ক, ছেনিটাইজাৰেৰে আৰম্ভ হ’ল সংসদৰ বৰ্ষাকালীন অধিবেশন

parliament

কৰ’না মহামাৰীৰ মাজত ইতিহাসত প্ৰথমবাৰৰ কাৰণে বিভিন্ন মহামাৰীৰ প্ৰতিৰোধী নীতি-নিয়মৰ মাজত অনুষ্ঠিত হয় সংসদৰ বৰ্ষাকালীন অধিবেশন । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সকলোকে বিশেষজ্ঞসকলৰ সকলোবোৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান কৰে । সাংসদসকলেও মাস্ক পৰিধান কৰি, হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰি, সংসদ ভৱনৰ কোনো ধৰণৰ দুৱাৰ খিৰিকী স্পৰ্শ নকৰাকৈ, সামাজিক দূৰত্ব বৰ্তাই ৰাখে ৷

ইফালে কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত বহু জ্যেষ্ঠ সাংসদে আজি সংসদৰ অধিবেশনত অংশগ্ৰহণ নকৰিলে ।  সংসদৰ আৰম্ভণিতে শেহতীয়াকৈ ইহলীলা সম্বৰণ কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ লগতে ক’ভিড-১৯ত মৃত্যু হোৱা সাংসদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে “ভাৰত মাতা কী জয়” ধ্বনিৰে সংসদত প্ৰবেশ কৰে । আজি সংসদত উপস্থিত সকলো সাংসদৰ মুখত মাস্ক পৰিধান কৰাটো প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰত্যক্ষ কৰে । সংসদৰ এফালৰ আসনত বহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ ।

বিপৰীত দিশৰ আসন গ্ৰহণ কৰে বিৰোধী পক্ষৰ DMK ৰ TR Baalu আৰু ৰাহুল গান্ধীৰ অনুপস্থিতিত তেওঁৰ আসনত বহে আধিৰ ৰঞ্জন চৌধুৰী । মাতৃ ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ চিকিৎসাৰ কাৰণে ৰাহুল গান্ধী বৰ্তমান আমেৰিকাত আছে ।

সংসদৰ বিৰোধীৰ দ্বিতীয় শাৰীত আসন গ্ৰহণ কৰে National Conference leader ফাৰুক আব্দুলাই ৷ আজিৰে পৰা অনুষ্ঠিত হোৱা লোকসভা অধিবেশনৰ পুৱা ৯ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হয় । ৰাজ্যসভাৰ কাম-কাজ আৰম্ভ হয় ৩ বজাৰ পৰা ৷

আনহাতে লোকসভাৰ প্ৰথম দিনাই ২৪ জন সাংসদৰ শৰীৰত পোৱা গৈছে ক’ভিড-১৯ ৷ ইয়াৰ ভিতৰত কনিষ্ঠ ৰেল মন্ত্ৰী সুৰেশ অংগাদী, বিজেপিৰ মীনাক্ষী লেখি, অনন্ত কুমাৰ হেগড়ে, পাৰভেছ চাহিব সিং, ৰীতা বাহুগুনা জোশী আৰু কুশল কিশোৰৰ লগতে অন্যান্য ২৪ জন সাংসদ আক্ৰান্ত হৈছে কৰ’নাত । কৰ’নাত আক্ৰান্ত সাংসদসকলে তেওঁলোক স্বাস্থ্যৰ বিষয়ে সংসদৰ কৰ্তৃপক্ষক অৱগত কৰে।

Exit mobile version