এইবাৰ যোৰহাটত ৰোড চাইড পূজা বন্ধ : বন্ধ মহালয়াৰ শোভাযাত্ৰা

IMG 20200914 132928

পূজা আৰু প্ৰতিমা, এই সম্বন্ধ যুগ-যুগান্তৰৰ। প্ৰতিমা অবিহনে পূজা অসম্ভৱ । ইষ্ট দেৱ-দেৱীৰ মূৰ্তি সাইলাখ ৰূপত নিৰ্মাণ কৰোৱাই নীতি-নিয়মেৰে প্ৰতিষ্ঠা কৰি ভক্ত গণে নিজৰ নিজৰ অভিলাষ পূৰণৰ বাবে কৰা অৰ্চনাই হ’ল পূজা। সমাগত এই পূজাৰ বতৰ । বিশ্বকৰ্মা পূজা অহা ১৭ চেপ্টেম্বৰত, একেদিনাই মহালয়াও। মহালয়া মানেই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ মৰ্ত্যলৈ আগমন। সেই দিনাৰ পৰাই এক প্ৰকাৰ আৰম্ভ হয় পূজাৰ বতৰ। সেই হিচাপত পূজালৈ বেছি দিন নাই ।

অহা ২২ অক্টোবৰত ষষ্ঠী। ষষ্ঠীত বেদীত স্থাপন কৰা দেৱী প্ৰতিমা দশমীত বিসৰ্জন দিয়াৰ নিয়ম। এই চাৰি দিনীয়া শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ পূজাৰ বাবে ছমাহ থাকোতেই আৰম্ভ হয় প্ৰতিমা নিৰ্মাণৰ। কেৱল প্ৰতিমা নিৰ্মাণেই নহয়, পূজা সমিতিসমূহৰ মাজত আৰম্ভ পূজা উদযাপনক লৈ অঘোষিত প্ৰতিযোগিতা। কোনে কিমান ডাঙৰ মূৰ্তি স্থাপন কৰিব কিম্বা কোনে কিমান টকা খৰচ কৰি চকু ছাট মৰা পেণ্ডেল নিৰ্মাণ কৰিব।

বহিঃ ৰাজ্যৰ কাৰিকৰী লোকৰে ইতিমধ্যে বন্দবস্তো হৈ যায় ছমাহৰ আগেয়ে। কিন্তু এইবাৰ ! সেইবোৰ একো নাই, আছে মাথোঁ চাৰিও ফালে শংকা আৰু এক ভীতি বিহ্বল পৰিবেশ। এনে পৰিবেশত স্বাভাৱিকতে ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে প্ৰতিমা নিৰ্মাণৰ লগত জড়িত লোকসকল ।

এই সন্দৰ্ভত যোৰহাটৰ মূৰ্তি নিৰ্মাণৰ লগত জড়িত এজন ব্যক্তিৰ বক্তব্য মন কৰিব লগীয়া। নগৰৰ জে বি ৰোডত অৱস্থিত ১৯৪৭ তে স্থাপিত মূৰ্তি নিৰ্মাণ কৰা দোকান খনৰ স্বত্বাধিকাৰী দেবাশীষ পালৰ ভাষ্য, এই বৃত্তি আৰু ব্যৱসায়ত আমাৰ তিনি পুৰুষ জড়িত হৈ আছোঁ । কিন্তু ইমান মন্দাৱস্থা কেতিয়াও অহা নাই । ১৯৪৭ ত আমাৰ ককা ললিত মোহন পালে এই দোকান আৰম্ভ কৰিছিল । তাৰ পাছত মোৰ বৰদেউতা গৌৰাংগ পাল আৰু সুধীৰ পালে দায়িত্ব ললে। বৰ্তমান দাদা শংকৰ পাল আৰু মই পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰি এই বৃত্তি চলাই আছোঁ ।

কিন্তু এইবাৰ আমাৰ অৱস্থা অতি শোচনীয়। আন বছৰ সমূহৰ তুলনাত বিশ শতাংশও চলা নাই। পূজালৈ মাজত মাত্ৰ পাঁচ সপ্তাহ বাকী থকা অৱস্থাত আমালৈ মাত্র তিনি ভাগ মূৰ্তিৰ অৰ্ডাৰহে আহিছে। এয়া অত্যন্তই হতাশজনক বুলি মন্তব্য কৰি মৃন্ময় শিল্পী জনে কয় যে সেয়ে এতিয়ালৈকে দুৰ্গা প্ৰতিমা নিৰ্মাণত হাত দিয়াই নাই। বৰ্তমান সৰু সৰু বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণত ব্যস্ত থকা বুলি জানিবলৈ দি তেওঁ কয় আন বছৰসমূহত কেইদিনত অৰ্ডাৰ দিয়া মানুহৰ কোবত আমাৰ কাম ক্ষতি হৈ যায় ।

ইপিনে মানুহো ১০-১২ জন অতিৰিক্ত মানুহ কামত লগাব লগা হয় । এইবাৰ মাত্র আমি তিনিজনে কাম কৰি থাকিব লগা হৈছে । ডাঙৰ প্ৰতিমা নিৰ্মাণ কৰিলে আমাৰ লাভ হয়, কিন্তু এইবাৰ প্ৰশাসনে পাঁচ ফুটতকৈ ওখ মূৰ্তি নিৰ্মাণত বাধা প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে তলাবন্ধৰ বাবে মূৰ্তি নিৰ্মাণৰ বাবে দৰকাৰ হোৱা সামগ্ৰী ক’লা মাটি, ৰঙা মাটি, খেৰ, বাঁহ, চুটলি, গজাল, কাপোৰ আদিৰো অত্যধিক মূল্য বৃদ্ধি ঘটিল যাৰ বাবে এতিয়া কাম কৰাই সমস্যা হৈ পৰিছে ।

এক গাড়ী (৪০৭) ক’লা মাটিৰ পূৰ্বতে আছিল পাঁচ হেজাৰ এতিয়া তাৰ মূল্য হ’লগৈ ন হেজাৰ টকা। সেইদৰে এগাড়ী (ডি আই) খেৰৰ দাম আছিল চাৰি হেজাৰ টকা এতিয়া হ’লগৈ ছহেজাৰ টকা। এনে মূৰ্ত্তি চাহিদা নাই কেঁচামালৰ অত্যাধিক মূল্যবৃদ্ধি । এনে অৱস্থাত যোৰহাট নগৰত থকা প্ৰায় দহখন মৃন্ময় প্ৰতিমাৰ দোকান আৰু এই বৃত্তিৰ লগত পৰোক্ষ আৰু প্ৰত্যক্ষ জড়িত শতাধিক লোকৰ মাজত চৰম হতাশাই গা কৰি উঠিছে ।

ইপিনে যোৰহাট কেন্দ্ৰীয় পূজা সমিতিৰ সভাপতি দেৱজিত বৰদলৈয়ে কয়, এইবাৰ ক’ভিডৰ পৰিস্থিতিৰ বাবে পূজা অনুষ্ঠিত কৰাত চৰকাৰে বাধা-নিষেধ আৰোপ কৰিছে । পূৰ্বতে পথৰ কাষৰ পূজা অনুষ্ঠিত কৰাত নিষেধ আৰোপ কৰা হৈছে। ফলত এইবাৰ পূজাৰ সংখ্যা বহুখিনি হ্ৰাস পাব ।

এই সন্দৰ্ভত জিলা উপায়ুক্তৰ লগত কেন্দ্ৰীয় পূজা কমিটিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত পূজা অনুষ্ঠিত কৰা সন্দৰ্ভত বিতং আলোচনা কৰা হয় আৰু কোনো কাৰণতে পূজাৰ দ্বাৰা ক’ভিড প্রট’কল ভংগ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি মাত্র মাঙ্গলিক কামখিনি কৰাতহে প্ৰশাসনে অনুমতি দিছে। পূজাথলীত ত্ৰিশজনতকৈ অধিক লোকৰ সমাগম হব নোৱাৰিব বুলি স্পষ্টকৈ জনাই দিয়া হৈছে।

সকলো ধৰণৰ বাহুল্য আৰু মেলাৰ বৰ্জন কৰিব লাগিব পূজাৰ উদ্যোক্তাসকলে। প্ৰশাসনৰ এই নিৰ্দেশনা কেন্দ্ৰীয় পূজা সমিতিৰ অন্তর্গত প্ৰায় ৯০ খন পূজা সমিতিক জনাই দিয়া হৈছে বুলিও সভাপতি দেৱজিত বৰদলৈয়ে দৈনিক অগ্ৰদূতক জনায় । আনহাতে যোৰহাটত বহুল জনপ্ৰিয়তা অৰ্জন কৰা মহালয়াৰ শোভাযাত্ৰাও এইবাৰ বন্ধ কৰিছে জিলা প্ৰশাসনে ।

Exit mobile version