এখনি চেল্ফিয়ে হ’ল কাল

Girl falls in waterfall

বিয়াৰ দিন সমাগত আছিল । বিশেষ ব্যস্ততাপূৰ্ণ হয় বিয়াৰ প্ৰাকমুহূৰ্ত । ঠিক এইদৰেই ব্যস্ত আছিল অন্ধ্ৰপ্ৰদেশৰ যুৱতী পুলাবাৰাপু কমলা । জীৱনসংগীৰ স’তে আত্মীৰ ঘৰলৈ ফুৰিব গৈছিল পুলাবাৰাপুৰ । নিয়তিৰ নিষ্ঠুৰ পৰিহাস । ঘৰলৈ ঘূৰি আহোতেই ঘটিল সেই ভয়াবহ ঘটনা ।

আমেৰিকাৰ ৱাল্ড ৰিভাৰৰ সমীপত জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰি সেই সুখৰ মুহূৰ্ত চিৰস্থায়ী কৰি ৰাখিবলৈ এখনি চেল্ফি ল’ব খোজোঁতেই ঘটিল সেই অঘটন । অসাৱধানত দুয়ো পিছলি পৰিল সেই গভীৰ জলপ্ৰপাতত ।তৎক্ষণাত লাগিল হুৱাদুৱা । তেওঁলোকক উদ্ধাৰ অভিযান চলোৱা হ’ল ।দুয়োকে উঠাই অনা হ’ল পানীৰ পৰা ।

পুলাৱাৰাপুৰৰ জীৱনসংগীক সুস্থ অৱস্থাত উদ্ধাৰ কৰা হ’ল কিন্তু দুৰ্ভাগ্যবশত পানীৰ পৰা উঠাই অনা কিছু সময় পাছৰলৈকে চেতনা ঘূৰি নাহিল পুলাবাৰাপুৰ । শেষত তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে । অতি মেধাৱী পুলাৱাৰাপুৱে ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী লাভ কৰা পাছত উচ্চশিক্ষাৰ বাবে গৈছিল আমেৰিকা । শিক্ষা শেষ কৰি তাতেই চাকৰি কৰে পুলাৱাৰাপুই ।

আমেৰিকাৰে এজন যুৱকৰ স’তে বিবাহ ঠিক হয় পুলাবাৰাপুৰ । সম্প্ৰতি পুলাৱাৰাপুৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ বাবে যো-জা কৰিছে পৰিয়াল বৰ্গই । আমেৰিকাস্থিত তেলেগু এছ’চিয়েছনে মৃতদেহ ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰে ।

Exit mobile version