ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মটাপুং মাগুৰী বিল, বাৰেকুৰিৰ হলৌ বান্দৰৰ বিচৰণস্থলী পৰিদৰ্শন অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ

IMG 20200914 WA0002

“ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ কাৰণে অন্যতম আকৰ্ষণীয় কেন্দ্ৰ, সেই উদ্দেশ্যেৰে আমি পৰ্যটন বিভাগে কিছু পৰিকল্পনা তৈয়াৰ কৰিছিলো আৰু সেই আন্তঃগাঁথনিৰ কাম অতি সুন্দৰকৈ চলি আছে ৷ মাজতে তলাবন্ধৰ কাৰণে কাম কিছু স্থবিৰ হৈছিল যদিও এতিয়া পুনৰ স্বাভাৱিক পৰিবেশ ঘূৰি আহিছে ৷” – এই মন্তব্য পয্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷

আজি তিনিচুকীয়াৰ ডিব্ৰু নৈৰ কাষতে নতুন ৰঙাগড়াত নিৰ্মাণ হৈ থকা অসম চৰকাৰ পৰ্যটন বিভাগৰ ১৯ কোটি টকাৰ ব্যয় সাপেক্ষে অত্যাধুনিক পৰ্যটন গৃহৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লৈ অহা ডিচেম্বৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰা বুলি কয় বৰুৱাই ।

আনহাতে বাঘজানৰ জুইকুৰাক লৈ পৰ্যটন বিভাগে চিন্তিত বুলি মন্তব্য কৰি কয়, “মটাপুং মাগুৰী বিলৰ আকৰ্ষণ হৈছে বিভিন্ন বিদেশী চৰাই । এই জুইকুৰাৰ বাবে বিদেশী পৰিভ্ৰমী চৰাই আহে নে নাহে সন্দেহ হৈছে। বাঘজান তৈলখাদৰ ব্ল-আউটৰ ফলত মাগুৰি বিলৰ যথেষ্ঠ ক্ষতি হৈছিল, দুই তিনিটা বান অহাৰ বাবে বিলখনৰ পানী ইতিমধ্যে নিষ্কাষন হৈছে যদিও মাগুৰি বিলৰ গাতে লাগি আছে বাঘজানৰ তৈলখাদৰ জুইকুৰা, যি জুইয়ে কাষৰীয়া ঠাইসমূহত শব্দ, পানী, বায়ু, মাটি সকলো প্ৰদূষিত কৰি তুলিছে ৷”

বৰুৱাই বাঘজানৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰাৰ পাছতে হলৌ বান্দৰে অন্যতম পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ গঢ়ি তোলা বাৰেকুৰি অঞ্চল পৰিদৰ্শন কৰে আৰু কয়, “এই অঞ্চলসমূহত ইমানেই অধিক পৰ্যটকৰ কেন্দ্ৰবিন্দু আছে যে সকলো মিলাই আমি সুন্দৰকৈ পৰিকল্পনা কৰিলে এটা বিশ্বৰ পৰ্যায়ত পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰো ৷ গতিকে আমি এই অঞ্চলসমূহক লৈ পৰিকল্পনা যুগুত কৰি আন্তঃগাঁথনি গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ ৷”

আজি অধ্যক্ষ বৰুৱাক সংগ দিয়ে তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুৰ লগতে বিভাগীয় বিষয়াসকলে। উক্ত স্থানসমূহ পৰিদৰ্শন কৰি অহাৰ পাছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন, বিভাগীয় লোক, বাঘজান মিলনজ্যোতি যুৱক সংঘ, বাৰেকুৰি আঞ্চলিক যুৱক সংঘৰ লগতে পৰিৱেশকৰ্মী আৰু কিছু সচেতন লোকৰ লগত এক আলোচনাত মিলিত হয় ৷

Exit mobile version