ড্ৰাগছৰ সন্দৰ্ভত কথা বাৰ্তা পাতিবলৈ ৰিয়াই ব্যৱহাৰ কৰিছিল মাতৃৰ ম’বাইল ফোন

1599017104 rhea

সুশান্তৰ মৃত্যুৰ লগত জড়িত ড্ৰাগছৰ বিষয়টোৰ সন্দৰ্ভত এনচিবিয়ে গ্ৰেপ্তাৰ কৰা ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এতিয়া বহু ন ন তথ্য উদ্ধাৰ কৰিছে । এক বিশেষ সূত্ৰত প্ৰকাশ যে, ৰিয়া চক্ৰৱৰ্তীয়ে ড্ৰাগছৰ সন্দৰ্ভত কথা বাৰ্তা পাতিবলৈ মাতৃ সন্ধ্যা চক্ৰৱৰ্তীৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল । ৰিয়া চক্ৰৱৰ্তীৰ ঘৰত তালাচী অভিযান চলোৱাৰ সময়ত এনচিবিয়ে ম’বাইল ফোনটো জব্দ কৰি লয় আৰু বহু তথ্য উদ্ধাৰ কৰে ।

ইপিনে, ইডিৰ জেৰা অব্যাহত থকাৰ সময়ত ৰিয়াই ব্যৱহাৰ কৰা ম’বাইল ফোন জমা দিবলৈ কোৱা হৈছিল যদিও মাতৃৰ এই ফোনটো জমা দিয়া নাছিল। । এই ফোনৰ জৰিয়তে ৰিয়াই নিজৰ বন্ধুবৰ্গ আৰু আন লোকসকলৰ সতে সংযোগ স্থাপন কৰিছিল। আনকি বহু হোৱাটচেপগ্রুপৰ সদস্যাও আছিল । এই হোৱাটচেপ গ্ৰুপৰ ওপৰতো এতিয়া এনচিবিয়ে তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে, টকা সৰবৰাহৰ সন্দৰ্ভত ইডিয়ে ৰিয়াৰ ম’বাইল ফোন জব্দ কৰিছিল আৰু হোৱাটচেপৰ যোগেদি হোৱা কথাবার্তাৰ জৰিয়তে ড্ৰাগছৰ কথা পোহৰলৈ আনিছিল। আনহাতে, হোৱাটচেপ শ্ব্যাটৰ জৰিয়তেই জয়া সাহা, শ্ৰুতি মোডী, চেমুৱেল মিৰান্দা আৰু গৌৰৱ আৰ্যাক ড্ৰাগছৰ বিষয়টোত তদন্তৰ আওতাত ৰখা হৈছিল। সম্প্ৰতি ৰিয়া চক্ৰৱৰ্তীক ৰখা হৈছে মুম্বাইস্থিত বাইকুলা কাৰাগাৰত।

Exit mobile version