দিল্লীৰ হিংসাত্মক ঘটনাৰ অভিযোগত জেএনইউৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদক গ্ৰেপ্তাৰ

DEL05 UMARKHALID1

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদক দেওবাৰে মাজনিশা গ্ৰেপ্তাৰ কৰা হয় । ফেব্ৰুৱাৰী মাহত দিল্লীত সংঘটিত হোৱা উত্তৰ পূৱ হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে খালিদক ।

PTI ৰ সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে উমৰৰ ম’বাইল ফোন জব্দ কৰি লয় । দিল্লী আৰক্ষীৰ বিশেষ শাখাই প্ৰায় ১১ ঘণ্টাৰ সোধপোছৰ অন্তত দেওবাৰে  দিল্লী আৰক্ষীয়ে এক বিবৃতিত কয় যে, উমৰ খালিড United Against Hate নামৰ দলটোৰ এজন সক্ৰিয় সদস্য ।

উল্লেখ্য যে, ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ সংশোধিত নাগৰিকত্ব আইনৰ আৰু এন আৰ চি ৰ সন্দৰ্ভত হোৱা প্ৰতিবাদৰ পিছত দিল্লীত সংঘটিত হোৱা উত্তৰ পূৱৰ হিংসাত্মক ঘটনাত প্ৰায় ৫০ জনতকৈ অধিকৰ মৃত্যু হোৱাৰ লগতে শতাধিক আহত হৈছিল । আনহাতে, যোৱা মাহতো দিল্লীৰ উত্তৰ পূৱ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত সোধ পোচ কৰা হৈছিল।

Exit mobile version