প্ৰসংগঃ সংসদৰ বৰ্ষাকালীন অধিবেশন

PTI7 20 2018 000147A

কৰ’নাৰ সমান্তৰালভাৱে চলিত বৰ্ষত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে ভাৰত-চীন সীমান্তৰ পৰিস্থিতি । ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সন্দৰ্ভত বিভিন্ন বৈঠক অনুষ্ঠিত হৈছে যদিও উত্তেজনা হ্ৰাস পোৱা নাই । ইয়াৰ মাজতে আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ সংসদীয় অধিবেশনত প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে । আনহাতে সীমান্তত ভাৰত আৰু চীনৰ উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছে ৷ চলিত বৰ্ষৰ জুনত ভাৰত চীন সীমান্তৰ গালৱান ঘাটিত ২০ জন সেনা জোৱানৰ ছহিদ হৈছিল ৷ ঠিক তেনেদৰে চীনৰ বহু সেনাৰ মৃত্যু হৈছিল যহিও ৰঙা চীনে সেই তথ্য ফাদিল কৰিবলৈ অপৰাগ ।

ইপিনে পুনৰ ২৯ আৰু ৩০ আগষ্টত চীনে আগ্ৰাসী মনোভাৱেৰে আগুৱাই আহে যদিও ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিয়ে ৷ আনহাতে ২৯ আৰু ৩০ আগষ্টত ভাৰতীয় সেনাই চীনক দিয়া উচিত প্ৰত্যুত্তৰৰ পিছত চীনে এতিয়া সীমান্তত সেনা নিয়োগ কৰিছে ৷

ইপিনে ভাৰত-চীন সীমান্তত প্ৰতি বাৰেই চীনে সকলো চুক্তি উলংঘা কৰি আহিছে ৷ তাৰ মাজতে সাত ছেপ্তেম্বৰটো ভাৰতীয় সেনা বাহিনীয়ে চীনা সৈন্যক সীমান্তৰ পৰা পিছুৱাবলৈ সক্ষম হয় । উল্লেখযোগ্য যে আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশনত সকলো ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা হৈছে ।

তাৰ মাজতে আজি ২৪ জনকৈ সাংসদ আক্ৰান্ত হৈছে কৰ’নাত । ইপিনে এইবাৰ সংসদীয় অধিবেশনত কোনো প্ৰশ্নোত্তৰ কাল নাথাকিব । তাকে লৈ বিৰোধীয়ে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

Exit mobile version