প্ৰায় ৪-৫ বছৰৰ পাছতহে বিশ্বৰ প্ৰত্যেকজন লোকে কৰ’নাৰ ভেকচিন লাভ কৰিবঃ অদাৰ পুনাৱালা

coronavaccine1.v1

কৰ’না মহামাৰীৰ ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে সকলোৰে মনত এটাই প্ৰশ্ন যে কেতিয়া আহিব কৰ’নাৰ ভেকচিন ? বা কৰ’নাৰ ভেকচিন আহিলেও বিশ্বৰ প্ৰত্যেকজন লোকে এই ভেকচিন লাভ কৰিবনে ৷ ইয়াৰ মাজত ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ CEO অদাৰ পুনাৱালাই কয় যে ২০২৪ ৰ পূৰ্বতে ক’ভিড-১৯ ভেকচিন সকলো লোকৰ মাজত বিতৰণ কৰিব পৰা নাযাব ৷ কাৰণ কোম্পানীটোৱে সমগ্ৰ বিশ্বই ভেকচিন উপলব্ধ হ’ব পৰাকৈ উৎপাদন কৰা নাই ।

এক বিশেষ সাক্ষাৎকাৰত পুনাৱালাই কয় যে প্ৰায় ৪-৫ বছৰৰ পাছতহে বিশ্বৰ প্ৰত্যেকজন লোকে কৰ’নাৰ ভেকচিন লাভ কৰিব । পুনাৱালাই লগতে কয় যে যদি এজন ব্যক্তিক কৰ’না ভেকচিনৰ দুটা ড’জ দিয়া হয় তেন্তে এই ভেকচিনৰ ১৫ ড’জ তৈয়াৰ কৰিব লাগিব ।

আনহাতে ভাৰতত ক’ভিড-১৯ ভেকচিন বিতৰণ সন্দৰ্ভত তেওঁ কয় যে প্ৰায় ১.৪ কোটি লোকৰ মাজলৈ ভেকচিনৰ উপলব্ধ কৰিব পৰাটো হ’ব প্ৰত্যাহ্বানৰ দৰে হ’ব । ইপিনে ছেৰাম ইনষ্টিটিউটে পাঁচটা কোম্পানীৰ লগত যুটীয়াভাৱে ভেকচিন তৈয়াৰ কৰিছে ।

কৰ’না ভেকচিনক লৈ পুনাৱালাৰ মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰে ৷ কাৰণ ভেকচিন উৎপন্ন কৰা এটা বৃহৎ অংশ আছে ছেৰাম ইনষ্টিটিউটৰ ওচৰত ৷ আনহাতে AstraZeneca ৰ লগত ডীল কৰোতে ছেৰাম ইনষ্টিটিউটে ৬৮ খন দেশৰ কাৰণে আৰু Novavaxৰ লগত ৯২ খন দেশৰ কাৰণে ভেকচিন তৈয়াৰ কৰি আছে  ৷

Exit mobile version