বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

WhatsApp Image 2020 09 14 at 4.40.43 PM

নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আজি বাহিনীৰ সোণালী জয়ন্তী অনুষ্ঠানটি সুকলমে উদযাপন কৰা হয় । ১৯৭০ চনৰ ১৪ ছেপ্টেম্বৰত বৰ্তমান মেঘালয়ৰ ৰাজধানী শ্বিলঙত প্ৰতিষ্ঠা লাভ কৰা নৱম অসম আৰক্ষী বাহিনী পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে চাৰি শ্বহীদৰ ভূমি বঢ়মপুৰলৈ স্থানান্তৰিত হৈছিল ।

আজিৰ এই সোণালী জয়ন্তী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক গায়ন-বায়ন জোৰাই আদৰণি জনোৱাৰ পিছতেই সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি বাহিনীৰ গাৰ্ড অফ অনাৰেৰে তেওঁক অভিবাদন জনোৱা হয় । অভিবাদন গ্ৰহণ কৰাৰ পিছতেই তেওঁ বাহিনীৰ পতাকা উত্তোলন কৰে ।

বাহিনীটোৰ অধিনায়ক হিতেশ চন্দ্ৰ ৰায়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত নৱম অসম আৰক্ষী বাহিনীয়ে বহু ভাল কাম কৰিছে বুলি কৈ বাহিনীটোৰ কৰ্মৰাজিৰ এক খাতিয়ান দাঙি ধৰে ।

লগতে তেওঁ প্ৰতিবছৰে অসম আৰক্ষীৰ প্ৰতিগৰাকী লোককে এবাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে । আনহাতে ক’ভিড-১৯ ৰ প্ৰসংগ উল্লেখ কৰি কয় যে, ক’ভিড এটা মহামাৰী, মাস্ক পৰিধান কৰি ইয়াৰ পৰা ৰক্ষা পাব পাৰি । আমাৰ কিছুমান বুৰ্বক মানুহে মাস্ক নিপিন্ধাটো একপ্ৰকাৰ বীৰত্ব বুলি ভাবে ।

ইপিনে, অনুষ্ঠানত উপস্থিত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ে ভাষণ প্ৰসংগত ঐতিহ্যমণ্ডিত বঢ়মপুৰৰ চাৰি শ্বহীদক সশ্ৰদ্ধ স্মৰণ কৰাৰ লগতে আৰক্ষীৰ মনোবল বৃদ্ধিৰ বাবে কেতবোৰ দিহা পৰামৰ্শ আগবঢ়ায় । উক্ত অনুষ্ঠানত সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল.আৰ.বিষ্ণয়, অভিনেত্ৰী আশা বৰদলৈ আদিৰ উপস্থিতিত “অভিজ্ঞানম” নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে ।

তাৰ পিছতেই বাহিনীটোৰ সোণালী জয়ন্তী উপলক্ষে অনলাইনযোগে অনুষ্ঠিত কৰা প্ৰতিযোগিতাসমূহৰো পুৰস্কাৰ বিতৰণ কৰে সঞ্চালক প্ৰধানগৰাকীয়ে । উল্লেখ্য যে, আজিৰ এই অনুষ্ঠান শেষ কৰাৰ পিছত সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত এছ.বি. আই.ৰ এটা এটিএম উদ্বোধন কৰে ।

Exit mobile version