ভয়াৱহ দিশে ধনী দুখীয়াৰ বৈষম্য

123597 coronavirus 2

ভাৰতত ধনী দুখীয়াৰ প্ৰভেদ ক্ৰমে গভীৰ হৈ গৈ আছে ৷ ফলস্বৰূপে ধনীসকল সম্পদশালী হৈ গৈ আছে । আৰু দুখীয়াসকলৰ অৱস্থা কাহিল হৈছে । কৰ’নাই এই পৰিস্থিতিত নতুনকৈ দিছে সাৰ পানী ৷ অসমতো কৰ’নাৰ বাবে বলৱৎ হোৱা তলাবন্ধ আৰু ইয়াৰ ফলশ্ৰুতিত সকলো ক্ষেত্ৰতে আহি পৰা স্থবিৰতাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত এনে অসমতাই আগন্তুক দিনবোৰত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাটো অৱধাৰিত হৈছে ।

ইয়াৰ ফলত অসমে আগন্তুক দিনবোৰত সন্মুখীন হ’ব লাগিব অভাৱনীয় প্ৰত্যাহ্বানৰ ৷ কৰ’নাকেন্দ্ৰিক পৰিস্থিতিয়ে সৃষ্টি কৰা জটিলতাৰ বাবেই দুখীয়া লোকৰ সংখ্যা ৰাজ্যত বৃদ্ধি হ’ব । ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰক সময় সাপেক্ষ উপযুক্ত পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে চৰকাৰী সংস্থাই ৷

অসমতাৰ ভয়াৱহ ভৱিষ্যতৰ দিশটো দাঙি ধৰিছে ৰাজ্যিক উদ্ভাৱনা আৰু আন ৰূপান্তৰ আয়োগ (এছ আই টি এ)এ ৷ বিত্ত বিভাগক দাখিল কৰা এই প্ৰতিবেদন বিভাগটোৱে চৰকাৰৰ আন আন বিভাগলৈও প্ৰেৰণ কৰিছে ৷

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অসমৰ বিভিন্ন ক্ষেত্ৰত বৈষম্য পূৰ্বৰে পৰা বিৰাজ কৰিছে । কৰ’নাই তাৰ মাত্ৰা অধিক বৃদ্ধি কৰিব । ৰাজ্যত থকা অধিকাংশ লোক স্বনিয়োজিত আৰু অনিয়মীয়া নিযুক্তিৰে কৰ্মৰত ।

তদুপৰি ইয়াৰ অধিকাংশই হ’ল অসংগঠিত খণ্ডৰ । অসমত স্বনিয়োজিত খণ্ডৰ প্ৰতিজন লোকৰ মাহিলি গড় উপাৰ্জন হ’ল ১১,৫৮৬ টকা ৷ ইয়াৰে আকৌ গ্ৰামাঞ্চলৰ লোকৰ গড় উপাৰ্জন হ’ল১০,৭৪২ টকা আৰু নগৰ অঞ্চলৰ ১৩,৭১৫ টকা ৷

একেদৰে অনিয়মীয়া কৰ্মীসকলৰ দৈনিক গড় মজুৰি মাত্ৰা ২৬১ টকা । তাৰ ভিতৰত গ্ৰামাঞ্চলৰ উপাৰ্জন হ’ল ২৫৯ টকা,নগৰ অঞ্চলৰ ৩১১ টকা৷ইয়াৰ বিপৰীতে নিয়মীয়া বেতনভোগীসকলৰ দৈনিক গড় উপাৰ্জন ১৬,৩০০ টকা ৷ সেইসকলৰ ভিতৰত গ্ৰামাঞ্চলৰ উপাৰ্জনকাৰীৰ গড় বেতন ১২,৭৭৭ টকা আৰু নগৰৰ গড় বেতন ২০,৬৬৪ টকা ।

এই পৰিসংখ্যা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে উপাৰ্জনৰ এই পৰিমাণ অসমত বিৰাজ কৰি থকা অৰ্থনৈতিক বৈষম্য বৃদ্ধিয়ে সমাজৰ এক বৃহৎ সংখ্যক লোকৰ উপাৰ্জনৰ পৰিমাণ হ্ৰাস হোৱাৰ ইংগিত বহন কৰিছে । প্ৰতিবেদনত উল্লেখ আছে যে কৰ্মসংস্থাপন হেৰুৱাই বহিঃৰাজ্যৰ পৰা অসমলৈ তিনিলাখৰো অধিক লোক ঘূৰি আহিছে ৷ ইয়াৰে কিছু সংখ্যক লোক পুনৰ উভতি যাব বুলি ভাবিব পাৰি ।

ইতিমধ্যে কিছুসংখ্যক লোক পুনৰ পূৰ্বৰ স্থানলৈ ঘূৰি গৈছে । তাৰ বিপৰীতে কিছুসংখ্যক লোক উভতি নাযাব ৷ তেওঁলোকৰ সকলোৱে নিজ ৰাজ্যতে কৰ্মসংস্থাপন পোৱাটো সম্ভৱ নহয় । আকৌ তলাবন্ধ আৰু কৰ’নাৰ প্ৰতি মানুহৰ মনত গঢ়ি উঠা ভীতিগ্ৰস্ততাই স্বনিয়োজিতসকলৰ ব্যৱসায়ত মাধমাৰ দিছে ৷ লোকচানৰ ভৰত বহু স্বনিয়োজিত হৈ থকা বহুলোকে কাম এৰিবলৈ বাধ্য হৈ পৰিছে । ইয়াৰ ফলত তেনে লোকসকলৰ উপাৰ্জনো হ্ৰাস হৈছে।

প্ৰসংগক্ৰমে উল্লেখ্য যে আয়োগে ইতিমধ্যে চৰকাৰক দাখিল কৰা প্ৰতিবেদনত তলাবন্ধৰ বাবে ৰাজ্যত নতুনকৈ ২৭ লাখ নিবনুৱা সৃষ্টি হোৱাৰ আশংকা কৰিছে । কৰ্মহীন হোৱা লোকসকলক পুনৰ নিয়োজিত হোৱাটো এই সময়ত সহজ নহয় । তেনে লোকসকলক চৰকাৰে নিয়োগৰ সুবিধা দিব পাৰিলেহে পৰিস্থিতি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে । কিন্তু সেয়া কিমানদূৰ সম্ভৱ হ’ব সেয়া আগন্তুক দিনবোৰতহে স্পষ্ট হ’ব ।

চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰত, আত্মনিৰ্ভৰশীল অসম আঁচনি ঘোষণা কৰিছে । সেইবোৰে কিমানদূৰ সহায় কৰিব সেয়া স্পষ্ট নহয় । আয়োগৰ প্ৰতিবেদনত চৰকাৰক এই বৃহৎ অৰ্থনৈতিক প্ৰভাৱ ন্যূনতম কৰাৰ কাৰণে উপযুক্ত আঁচনি গ্ৰহণৰ বিভিন্ন পৰামৰ্শ দিছে ৷

Exit mobile version