সংসদত কৰ’নাৰ কাৰণে লোৱা প্ৰস্তুতি সন্দৰ্ভত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড° হৰ্ষবৰ্ধনৰ

Harsh Vardhan

আজি সংসদত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে কৰ’নাৰ মহামাৰীৰ সময়ত  দেশৰ প্ৰস্তুতিৰ সম্পৰ্কত মন্তব্য কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, দেশত প্ৰতি ১০ লাখত ৩৩২৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । আৰু মৃত্যু হৈছে ৫৫ জন লোক । লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তলাবন্ধৰ কাৰণে ১৪-২৯ লাখ লোক কৰ’নাত আক্ৰান্তৰ পৰা ৰক্ষা পাইছে  ৷

বন্দে ভাৰত মিশ্যনৰ জৰিয়তে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ১১ছেপ্টেম্বৰলৈকে ১২,৬৯,১৭২ জন বহিঃদেশত আৱদ্ধ লোকক ভাৰতলৈ অনা হৈছে । কৰ’না পৰীক্ষাৰ কাৰণে দেশত ১৭০৫ টা লেবৰটৰী আছে ৷ য’ত কৰ’নাৰ এন্টীজেন আৰু আৰটিপিচিআৰ পৰীক্ষা কৰোৱা হৈছে । ১২ছেপ্টেম্বৰলৈকে দেশত  ১৩,১৪,৬৪৬ খন আইছ’লেছন বিছনাযুক্ত ১৫,২৮৪ ক’ভিড চিকিৎসালয় হৈছে ।

আনহাতে স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুসৰি দেশত অক্সিজেন আইছ’লেছন বিচনাৰ সংখ্যা হ’ব ২,৩১,০৯৩খন , আই চি ইউ বিচনা ৩২,৫৭৫ খন আৰু কোৱাৰেন্টাইন চেন্টাৰ আছে ১২,৮২৬ টা ৷ ইয়াত বিচনা আছে ৫,৯৮,৮১১খন ৷ ড° হৰ্ষবৰ্ধনৰ অনুসৰি সমগ্ৰ বিশ্বত ৩৫ নম্বৰৰ ভেকচিনৰ ট্ৰায়েল হৈ আছে ।

কৰ’না মহামাৰীৰ মাজতে আজি পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন ৷ এই অধিবেশনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে কয় যে কেন্দ্ৰীয় চৰকাৰে ৬০,৯৪৮ টা ভেন্টিলেটৰ ক্ৰয় কৰাৰ আদেশ দিছে ৷ লগতে কেন্দ্ৰীয় চৰকাৰে ১,০২,৪০০ অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰদান কৰিছে ৷

Exit mobile version