সংসদৰ বৰ্ষাকালীন অধিবেশনৰ মাজতে ১৭ জনকৈ সাংসদ ক’ভিড পজিটিভ

parliament3

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হৈছে । কিন্তু অধিবেশন আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত সংসদৰ ১৭ জন সাংসদৰ শৰীৰত পোৱা গৈছে ক’ভিড-১৯ ৷ এই সাংসদসকলক ১৩ আৰু ১৪ ছেপ্টেম্বৰত সংসদভৱনত কৰ’নাৰ পৰীক্ষা কৰা হৈছিল । ক’ভিড-১৯ত বিজেপিৰ ১২ জন, কংগ্ৰেছৰ দুজন, শিৱসেনা, DMK আৰু RLP ৰ এজনকৈ আক্ৰান্ত হৈছে ।

উল্লেখযোগ্য যে সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হোৱাৰ আগতে সকলো সাংসদে ক’ভিড টেষ্ট কৰাটো আছিল বাধ্যতামূলক । যদি ৰিপৰ্ট নিগেটিভ আহে তেন্তে সংসদৰ ভিতৰত যাবলৈ সাংসদসকলক অনুমতি দিয়া হ’ব ৷ আনহাতে সাংসদসকলে ক’ভিড টেষ্ট সংসদৰ অধিবেশন আৰম্ভ হোৱা ৭২ ঘন্টাৰ আগেয়ে কৰাব লাগিব ৷

ইপিনে সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হোৱাৰ আগেয়ে বহু সাংসদে চিন্তা ব্যক্ত কৰিছিল ৷ তেওঁলোকৰ মত অনুসৰি অধিবেশন আৰম্ভ হ’লেই নিৰ্দেশনাৰ মাজতে প্ৰতি মূহুৰ্ততে প্ৰায় ২০০০ লোক উপস্থিত থাকিব ৷

এক বিশেষ সূত্ৰৰ মতে ৰাজ্যসভা ২৪০ জন সাংসদৰ ভিতৰত ৯৭ জনৰ বয়স ৬৫ বছৰতকৈ বেছি ৷ লগতে ৮০ বছৰতকৈ অধিক বয়সৰ সাংসদৰ সংখ্যা হ’ব ২০ জন । ইয়াৰ ভিতৰত আছে ৮৭ বছৰীয়া মনমোহন সিং আৰু ৮২ বছৰীয়া এ. কে এন্টনী ৷

আনহাতে দেশত কৰ’না মহামাৰী আৰম্ভ হোৱাৰে পৰা বৰ্ষাকালীন অধিবেশন আৰম্ভ হোৱালৈকে প্ৰায় সাতজন কেন্দ্ৰীয় মন্ত্ৰী আৰু দুয়ো সদনৰ প্ৰায় ২৪ জন সাংসদ কৰ’নাত আক্ৰান্ত হৈছে । ইয়াৰ মাজতে তামিলনাডুৰ সাংসদ এছ বসন্তকুমাৰৰ মৃত্যু হয় কৰ’নাত ।

কৰ’না মহামাৰীৰ মাজতে সংসদৰ বৰ্ষাকালীন অধিবেশন ১ অক্টোবৰলৈকে অনুষ্ঠিত হ’ব । এই সময়ছোৱাত সাৱধানতৰে কৰ’নাৰ নিৰ্দেশনা মানি চলা হৈছে । সকলোৱে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাটো বাধ্যতামূলক কৰা হৈছে।

Exit mobile version