সাংসদ ৰবি কৃষাণে সংসদত উত্থাপন কৰিলে বলিউডৰ ড্ৰাগছ প্ৰসংগ

BJP Meeting 8 20190723

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সম্পর্কত নিষিদ্ধ ড্ৰাগছৰ লগত জড়িত থকা সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক এন চি বি য়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে বলিউডত এই ড্ৰাগছৰ প্ৰসংগ ব্যাপক ভাৱে চৰ্চিত হৈছে । বলিউডৰ বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ো ড্ৰাগছৰ লগত জড়িত থকাৰ খবৰ পোহৰলৈ আহিছে । বলিউডৰ এই নিষিদ্ধ ড্ৰাগছৰ প্ৰসংগ আজি সদনৰ মজিয়াতো গুঞ্জৰিত হ’ল ।

আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত গৌৰখপুৰৰ বিজেপি সাংসদ তথা ভোজপুৰী ছুপাৰষ্টাৰ ৰবি কিষাণে উত্থাপন কৰিলে বলিউডৰ ড্ৰাগছ প্ৰসংগ । সাংসদ গৰাকীয়ে কয় যে আমাৰ দেশৰ যুৱক-যুৱতীক ধ্বংস কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু আমাৰ চুবুৰীয়া দেশেই এই ক্ষেত্ৰত জড়িত আছে ।

পাকিস্তান আৰু চীনৰ পৰা প্ৰতি বছৰে ড্ৰাগছ সৰবৰাহৰ খবৰ পোৱা গৈছে ।পাঞ্জাৱ আৰু নেপালৰ পৰা এই ড্ৰাগছ ক্ৰয় কৰা হয় ।

লগতে সাংসদ গৰাকীয়ে কয় এই ড্ৰাগছৰ আসক্তি বলিউডতো আছে । বহু কেইগৰাকী বলিউডৰ অভিনেতা-অভিনেত্ৰী ড্ৰাগছৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰো হৈছে । এনচিবিয়ে খুব ভাল কাম কৰিছে ।  এই দোষী সকলৰ বিৰুদ্ধে অতি শীৰ্ঘ্ৰেই বিহিত ব্যৱস্থা ল’বলৈ মই কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছো । দোষীক উচিত শাস্তি প্ৰদান কৰক যাতে এই ক’লা অধ্যায়ৰ ইমানতে অন্ত পৰে ।

উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ ম’বাইল চাটত অভিনেত্ৰী গৰাকীয়ে ড্ৰাগছ ব্যৱহাৰ কৰাৰ অভিযোগত এন চি বি য়ে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক।তেতিয়াৰে পৰা বলিউডৰ ড্ৰাগছ প্ৰসংগ গভীৰ ভাৱে চৰ্চিত হৈছে ।

Exit mobile version