২৮ ছেপ্টেম্বৰত জোধপুৰ আদালতত বলীউডৰ অভিনেতা ছলমান খানৰ শুনানি

salman khan jail

ক’লা হৰিণ বধ কৰাত অভিযুক্ত বলীউডৰ অভিনেতা ছলমান খানক ২৮ ছেপ্টেম্বৰত জোধপুৰ জিলা তথা চেছন ন্যায়ালয়ে উপস্থিত হ’বলৈ আদেশ দিছে ৷ আজি এই বিষয়টোৰ সন্দৰ্ভত শুনানি সম্পূৰ্ণ নোহোৱাৰ কাৰণে ছলমান খানে ২৮ ছেপ্টেম্বৰত আদালতত উপস্থিত হ’ব লাগিব । অৱশ্যে এতিয়ালৈকে জোধপুৰ ন্যায়ালয়লৈ ছলমান যাব নে অন্য বিকল্প ব্যৱস্থা ল’ব সেই সম্পৰ্কত কোনো তথ্য সদৰী কৰা নাই ।

উল্লেখযোগ্য যে ১৯৯৮ ত জোধপুৰত ছলমান খানৰ ছবি” হাম ছাথ ছাথ হ্যে” দৃশ্যগ্ৰহণৰ সময়ত কাংকণী নামৰ গাঁৱত দুটা ক’লা হৰিণ বধ কৰিছিল অভিনেতাগৰাকীয়ে । ইয়াৰ কাৰণে ছলমানক পাঁচ বচৰৰ কাৰাদণ্ড দিয়া হৈছিল যদিও অভিনেতাগৰাকীয়ে জামিন লাভ কৰে ৷ প্ৰায় দুটা দশক ধৰি চলা এই গোচৰত অভিযুক্ত আছিল চেইফ আলি খান, অভিনেত্ৰী নীলম, টাবু আৰু সোনালী ব্ৰেণ্ডে ।

Exit mobile version