প্ৰশ্ন কালক লৈ উত্তপ্ত সংসদ

Venkaiah Naidu1 20200910 402 602

কৰ’না মহামাৰীৰ মাজতে আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন ৷ এইবাৰ যিহেতু লোকসভাত প্ৰশ্নৰ উত্থাপন কৰিব নোৱাৰিব ৷ ইয়াকে লৈ বিৰোধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে  ৷ কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে “প্ৰশ্নকাল সংসদৰ উল্লেখযোগ্য দিশ । এইয়া সোনালী সময় । কিন্তু আপোনালোকে কৈছে যে এনেধৰণৰ বিশেষ পৰিস্থিতিত প্ৰশ্ন উত্থাপন কৰিব নোৱাৰি । প্ৰকৃততে আপোনালোকে গণতন্ত্ৰক নিচিহ্ন কৰি দিয়াৰ চেষ্টা কৰিছে ৷”

আন এজন কংগ্ৰেছৰ সাংসদে কয় “চৰকাৰে আমাৰ প্ৰশ্ন কৰাৰ অধিকাৰক খৰ্ব কৰিছে ।” গতিকে আজি সংসদৰ প্ৰথম দিনাই প্ৰশ্নকালক লৈ কিছু অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ।

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰশ্নকালত লৈ বিৰোধীৰ প্ৰশ্নৰ উত্তৰত কয় “অসাধাৰণ পৰিস্থিতিত সংসদত এই সিদ্ধান্ত ল’ব লগা হ’ল । চাৰি ঘন্টালৈকে সংসদৰ অধিবেশন অনুষ্ঠিত হ’ব । মই আহ্বান কৰিছো যাতে ইয়াল প্ৰশ্নৰ উত্থাপন কৰা নহয় ।”

আনহাতে সংসদৰ কাম-কাজ দুপৰীয়া ৩ বজাৰ পৰা আৰম্ভ হ’ব । উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী মোডীয়ে সংসদক সম্বোধন কৰি কয় “আশা কৰিছো সংসদে একত্ৰিত হৈ দেশৰ সেনা জোৱানৰ লগত আছো বুলি বাৰ্তা প্ৰেৰণ কৰিব ।”

লগতে মোডীয়ে কয় “আমাৰ দেশৰ বীৰ সৈনিক সকল বীৰতাৰ স’তে সীমান্তত,দুৰ্গম পাহাৰত ছহিদ হৈছে ৷ কিছুদিনৰ পাছত শীতৰো আগমন ঘটিব । যি বিশ্বাস, বীৰতাৰে সৈনিকসকল সীমান্তত দেশৰ স্বাৰ্থত নিজৰ দায়িত্ব পালন কৰে, তাৰ পৰিপ্ৰেক্ষিতত সদনৰ সকলোৱে একতাৰে সৈনিক সকলক বাৰ্তা দিব যে তেওঁলোকৰ লগত সমগ্ৰ দেশ আছে । সীমান্তৰ সেনা জোৱানসকলক এই অনুপ্ৰেৰণাৰ লগতে প্ৰতিশ্ৰুতি সংসদে দিব বুলি মোৰ বিশ্বাস।”

Exit mobile version