সমাগত দুৰ্গাপূজা

ক’ভিড-১৯ৰ ব্যাপক সংক্রমণৰ পাছতাে পশ্চিমবংগৰ বিভিন্ন অঞ্চলত দুর্গোৎসৱৰ বৃহৎ আয়ােজন চলিছে । ৰাজধানী কলকাতাত একাধিক পূজা মণ্ডপত এইবাৰ সাজসজ্জাৰ মূল বিষয় হিচাপে লােৱা হৈছে বলিউডৰ প্রয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক । দেশৰ আন অঞ্চলৰ দৰে সুশান্তৰ মৃত্যুত কলকাতাবাসীও ব্যৰ্থিত ।

সেয়েহে দুর্গা পূজাত এইবাৰ আদিশক্তিৰ প্রথম সন্তান কার্তিকৰ ৰূপত সুশান্তক উপস্থাপন কৰিবলৈ কে’বাজনাে শিল্পী আৰু পূজাৰ উদ্যোক্তাই আগভাগ লৈছে । একাধিক পূজা সমিতিয়ে এইবাৰ দুৰ্গাৰ স’তে কার্তিকৰ ৰূপত প্রয়াত অভিনেতাক সজাই তুলিছে ।

এই সন্দৰ্ভত এখন পূজা সমিতিয়ে মন্তব্য কৰি কয়, সুশান্ত সিং ৰাজপুত খুব ভাল শিল্পী আছিল । তেওঁৰ বহু প্রতিভা আছিল। কিন্তু  অকালতে তেওঁৰ মৃত্যু হ’ল। যদি কার্তিকক লৈ কোনাে ছবি নির্মাণ কৰা হয়, তেন্তে আমাৰ ধাৰণা হয় যে সুশান্ত এই চৰিত্ৰৰ বাবে সবাতােকৈ উপযুক্ত । সুশান্তৰ প্রতি শ্রদ্ধা ব্যক্ত কৰিবলৈ এইদৰে দুর্গা দেৱীৰ স’তে অভিনেতাজনক কার্তিকৰ বেশত উপস্থাপন কৰা বুলি উদ্যোক্তাজনে জানিবলৈ দিয়ে।

Exit mobile version